January 6, 2026 7:13 AM

views 37

জ্যোতি চিত্ৰবন অহা ২২ জানুৱাৰীৰ পৰা ৪দিনীয়া কাৰ্যসূচীৰে গুৱাহাটী এছীয় চলচ্চিত্র মহোৎসৱ

গুৱাহাটীৰ জ্যোতি চিত্ৰবন অহা ২২ জানুৱাৰীত ৪দিনীয়া কাৰ্যসূচীৰে গুৱাহাটী এছীয় চলচ্চিত্র মহোৎসৱৰ আয়োজিত হ'ব। উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক জগতখনক উজলাই তোলাৰ লক্ষ্য আগত ৰাখি এইবেলি এই মহোৎসৱ দ্বিতীয় বাৰৰ বাবে আয়োজন কৰা হৈছে। এই মহোৎসৱত প্ৰদৰ্শিত হ'বলগীয়া চলচ্চিত্ৰসমূহৰ তালিকা আজি ঘোষণা কৰা হয়। মহোৎসৱৰ উদ্বোধনী চলচ্চিত্ৰ হিচাপে শ্বোকিৰ খুলিক'ভে পৰিচালনা কৰা উজবেকিস্তানী চলচ্চিত্র চানডে প্রদৰ্শন কৰা হ'ব। আলজো ঘাছেমি আৰু ৰাহা আমিৰ ফজলীৰ যুটীয়া পৰিচালনাৰ ইৰাণী চলচ্চিত্র ইন দ্য লেণ্ড অব ব্ৰাডাৰ্ছ...

November 27, 2025 1:05 PM

views 37

৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আজি দুখন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হ’ব

গোৱাৰ পানাজীত যোৱা ২০ নৱেম্বৰৰ পৰা অনুষ্ঠিত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ- IFFI-ত আজি দুখন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। ইয়াৰে এখনত সৰ্বকালৰ জনপ্ৰিয় চলচ্চিত্র শ্বোলেৰ নিৰ্মাণৰ ৫০বছৰ সম্পূৰ্ণ আৰু আনখনত উত্তৰ পূৰ্বাঞ্চলৰ চলচ্চিত্ৰ সন্দৰ্ভত অঞ্চলটোৰ কেইবাগৰাকীও চলচ্চিত্ৰ নির্মাতাই অংশ ল'ব। কালি এই মহোৎসৱত দুখন অসমীয়া চলচ্চিত্র ভাইমন দা আৰু পত্ৰলেখাৰ পুনৰ প্ৰদৰ্শন কৰা হয়। লগতে কাঁন চলচ্চিত্ৰ মহোৎসৱত পামদিঅ'ৰ বঁটা লাভ কৰা জাফৰ পানাহী পৰিচালিত ইৰানৰ ছবি ইট ৱাজ জাষ্ট এন এ...

November 25, 2025 12:36 PM

views 29

৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বলিউডৰ যশস্বী অভিনেতা ধর্মেন্দ্ৰৰ প্ৰয়ানত শ্রদ্ধা নিবেদন

■ গোৱাৰ পানাজীত যোৱা ২০ নৱেম্বৰৰ পৰা অনুষ্ঠিত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ- IFFI-ত কালি বলিউডৰ যশস্বী অভিনেতা ধর্মেন্দ্ৰৰ প্ৰয়ানত শ্রদ্ধা নিবেদন কৰা হয়। এই মহোৎসৱত অভিনেতাগৰাকীক স্মৰণৰ বাবে বহুলভাৱে জনপ্রিয় শ্বোলে চলচ্চিত্ৰত অভিনেতা গৰাকীয়ে অমিতাভ বচ্চনৰ সৈতে ব্যৱহাৰ কৰা জয়-বিৰু শীৰ্ষক মটৰ চাইকেলখন প্ৰদৰ্শন কৰা হয়। মহোৎসৱৰ পঞ্চম দিনা আজি দুখন অসমীয়া চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ'ব। কাহিনী চিত্রশাখাত নির্বাচিত শংশাক সমীৰ পৰিচালিত ভাইমনদা আৰু অ-কাহিনী শাখাত নম্রতা দত্ত পৰিচালি...

December 6, 2024 10:45 AM

views 35

আজিৰে পৰা পুডুচেৰীত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ আৰু ছুটী ছবি মহোৎসৱ আৰম্ভ

কেন্দ্রীয় শাসিত প্রদেশ পুডুচেৰীত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ আৰু ছুটী ছবি মহোৎসৱ আজি আৰম্ভ হ'ব। তিনিদিনীয়া এই মহোৎসৱত দেশ-বিদেশৰ মুঠ ৩৫ খন নিৰ্বাচিত তথ্য চিত্ৰ আৰু ছুটী ছবি প্ৰদৰ্শন কৰা হ'ব। ভাৰতৰ ৰাষ্ট্ৰীয় চলচ্চিত্র উন্নয়ন নিগমৰ সহযোগিতাত পুডুচেৰী বিশ্ববিদ্যালয়ত ইলেকট্রনিকছ আৰু জনসংযোগ বিভাগৰ উদ্যোগত অনুষ্ঠিত এই মহোৎসৱত তামিলনাড়ু, প্রগতিশীল লেখক সমাজ আৰু পুডুচেৰী চলচ্চিত্ৰ সংঘইও সহযোগিতা আগবঢ়াইছে।

December 6, 2024 10:42 AM

views 36

জ্যোতি চিত্ৰবনত কালিৰে পৰা ৪দিনীয়া কাৰ্যসূচীৰে ব্ৰহ্মপুত্ৰ উপত্যকা চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত কালিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে ব্ৰহ্মপুত্ৰ উপত্যকা চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ হৈছে। নৱম সংখ্যক এই মহোৎসৱত কালি মহানগৰীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে। এই অনুষ্ঠানত জনপ্ৰিয় অভিনেতা কপিল বৰা, মহোৎসৱৰ পৰিচালক তনুশ্ৰী হাজৰিকাকে ধৰি আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই মহোৎসৱত প্ৰদৰ্শনৰ বাবে ৩০খন ছবি তালিকাভুক্ত কৰা হৈছে। ইয়াৰে ২০খন ছবি প্ৰতিযোগিতা শাখাত তালিকাভুক্ত কৰা হৈছে। মহোৎসৱৰ চাৰিদিনীয়া কাৰ্যসূচীত পার্থজিৎ বৰুৱাৰ “জ্যোতি ককাই...

November 21, 2024 12:25 PM

views 32

গোৱাৰ পানাজীত ৫৫ সংখ্যক ভাৰত আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ

৫৫ সংখ্যক ভাৰত আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ কালি গোৱাৰ পানাজীত আৰম্ভ হৈছে। অষ্ট্ৰেলিয়াৰ ছবি নির্মাতা মার্কেল গ্ৰেচিৰ ছবি দ্যা বেটাৰমেনৰ প্ৰদৰ্শনৰে এইবাৰৰ মহোৎসৱৰ ছবি প্ৰদৰ্শন আৰম্ভ হয়। কালি বিয়লি ৫ বজাত পানাজীৰ শ্যামাপ্রসাদ মুখার্জী ষ্টেডিয়ামত জাকজমকতাপূৰ্ণ অনুষ্ঠানৰ মাজেৰে এই মহোৎসৱৰ শুভাৰম্ভ কৰা হয়। মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত অংশ লৈ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে এই মহোৎসৱে ভাৰতত চলচ্চিত্ৰ উদ্যোগৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। সম্প্রতি দেশত বহুলোক উদ্...

November 20, 2024 5:32 PM

views 36

গোৱাৰ পানাজীত আৰম্ভ ৫৫ সংখ্যক ‘ভাৰত আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ’

৫৫ সংখ্যক ভাৰত আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ আজি গোৱাৰ পানাজীত আৰম্ভ হৈছে। অষ্ট্ৰেলিয়াৰ ছবি নির্মাতা মার্কেল গ্ৰেচিৰ ছবি দ্যা বেটাৰমেনৰ প্ৰদৰ্শনৰে এইবাৰৰ মহোৎসৱৰ ছবি প্ৰদৰ্শন আৰম্ভ হয়। আজি বিয়লি ৫ বজাত পানাৰ্জীৰ শ্যামাপ্রসাদ মুখার্জী ষ্টেডিয়ামত জাকজমকতাপূৰ্ণ অনুষ্ঠানৰ মাজেৰে এই মহোৎসৱৰ শুভাৰম্ভ কৰা হৈছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়, ৰাষ্ট্ৰীয় চলচ্চিত্র উন্নয়ন নিগম-এন এফ ডি চি আৰু গোৱা চৰকাৰৰ অধীনস্থ গোৱা বিনোদন চছাইটিৰ উদ্যোগত আয়োজিত এই চলচ্চিত্ৰ মহোৎসৱৰ মূল শাখাত এইবাৰ মুঠ ২৭০ খন ছবি ...

October 26, 2024 6:21 PM

views 71

দুদিনীয়া কাৰ্যসূচীৰে জ্যোতি চিত্ৰবনত অষ্টম চলচিত্ৰম ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ-২০২৪ আৰম্ভ

অষ্টম চলচিত্ৰম ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ-২০২৪ আজি দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ জ্যোতি চিত্ৰবনত আৰম্ভ হৈছে। উদ্বোধনী অনুষ্ঠানত সুনীল মহান্তী, কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰমেশ ডেকা, সংগীতশিল্পী তৰালী শৰ্মাকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰমেশ ডেকাই অনুষ্ঠানত কলা আৰু সংস্কৃতিৰ জৰিয়তে সংস্কৃতি আৰু ঐতিহ্য ৰক্ষা কৰিব লাগিব বুলি ভাষণত উল্লেখ কৰে। প্ৰবাল খাউণ্ড পৰিচালিত আৰু গোপাল জালানৰ লগতে ধ্ৰুৱজ্যোতি কাকতি প্রযোজিত দ্যা লাষ্ট জেনেৰেচন ছবিৰে মহোৎসৱৰ উ...