৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বলিউডৰ যশস্বী অভিনেতা ধর্মেন্দ্ৰৰ প্ৰয়ানত শ্রদ্ধা নিবেদন

■ গোৱাৰ পানাজীত যোৱা ২০ নৱেম্বৰৰ পৰা অনুষ্ঠিত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ- IFFI-ত কালি বলিউডৰ যশস্বী অভিনেতা ধর্মেন্দ্ৰৰ প্ৰয়ানত শ্রদ্ধা নিবেদন কৰা হয়। এই মহোৎসৱত অভিনেতাগৰাকীক স্মৰণৰ বাবে বহুলভাৱে জনপ্রিয় শ্বোলে চলচ্চিত্ৰত অভিনেতা গৰাকীয়ে অমিতাভ বচ্চনৰ সৈতে ব্যৱহাৰ কৰা জয়-বিৰু শীৰ্ষক মটৰ চাইকেলখন প্ৰদৰ্শন কৰা হয়।
মহোৎসৱৰ পঞ্চম দিনা আজি দুখন অসমীয়া চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব। কাহিনী চিত্রশাখাত নির্বাচিত শংশাক সমীৰ পৰিচালিত ভাইমনদা আৰু অ-কাহিনী শাখাত নম্রতা দত্ত পৰিচালিত পত্ৰলেখা ছবিখন প্ৰদৰ্শন কৰা হ’ব। এছিয়াৰ অন্যতম পুৰণি আৰু সন্মানীয় এই চলচ্চিত্ৰ মহোৎসৱত দেশ-বিদেশৰ চলচ্চিত্র নির্মাতা, শিল্পী, কলাকুশলী তথা চলচ্চিত্র প্রেমীসকলৰ উপস্থিতি দেখা গৈছে। এইবাৰৰ মহোৎসৱত জাপানক বিশেষ গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰ হিচাপে মর্যাদা দিয়া হৈছে। তদুপৰি স্পেইন, সহযোগী ৰাষ্ট্ৰ আৰু অষ্ট্ৰেলিয়াক মূল আকর্ষণ হিচাপে ৰখা হৈছে। মহোৎসৱত ৮০ খনতকৈও অধিক দেশৰ অতিথি আৰু চলচ্চিত্র নির্মাতাসকলে অংশগ্রহণ কৰিছে। আঠ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই মহোৎসৱ ২৮ নৱেম্বৰত সামৰণি পৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।