৩১ জুলাইৰ পৰা প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ ২০২৫ৰ বাবে মনোনয়ন প্রক্রিয়া মুকলি

প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ ২০২৫ চলিত বৰ্ষৰ ৩১ জুলাইৰ পৰা ৫ বছৰৰ পৰা ১৮ বছৰৰ ভিতৰত শিশুৰ বাবে মনোনয়ন প্রক্রিয়া মুকলি কৰিছে। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ হৈছে দেশৰ শিশুসকলৰ ব্যতিক্রমী কৃতিত্বক স্বীকৃতি দিবলৈ ৰাষ্ট্ৰপতিয়ে প্ৰতি বছৰে প্ৰদান কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক সন্মানীয় বঁটা। সাহস, সমাজ সেৱা, পৰিবেশ, ক্রীড়া, কলা-সংস্কৃতি, বিজ্ঞান আৰু প্ৰযুক্তি ক্ষেত্ৰত উৎকৃষ্টতা প্ৰদৰ্শন কৰা শিশুসকলৰ এই পুৰস্কাৰ প্ৰদান কৰা হয়। উল্লেখযোগ্য যে যিকোনো ব্যক্তি বা প্রতিষ্ঠানে ব্যতিক্রমী কৃতিত্ব শিশুসকলেও স্ব-মনোনয়নৰ জৰিয়তে আবেদন কৰিব পাৰে। আবেদন পত্ৰত মনোনীত ব্যক্তিৰ বিৱৰণ, কৃতিত্বৰ বিষয়ে বৰ্ণনা কৰা সংক্ষিপ্ত বিৱৰণীৰ লগতে মনোনয়ন সমর্থিত ব্যক্তিগৰাকীৰ বৃত্তি আৰু ফটো সংযোজন কৰি দিব লাগিব। উল্লেখযোগ্য যেন মনোনয়ন awards.gov.in ত ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলৰ জৰিয়তে অনলাইনযোগে জমা দিব পাৰিব। মনোনয়ন দাখিলৰ অন্তিম দিন ৩১ জুলাই ধাৰ্য কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।