৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পূর্ণাংগ অধিৱেশন

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পূর্ণাংগ অধিৱেশনখন অহা ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ বজালী জিলাৰ পাঠশালা নগৰৰ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত হ’ব। আজি অসম সাহিত্য সভাৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ সিংহপুরুষ বাধাগোবিন্দ বৰুৱা প্ৰেক্ষাগৃহত আয়োজিত এখন সংবাদমেলত অধিৱেশনৰ প্ৰস্তুতি সন্দৰ্ভত পাঠশালা অধিৱেশনৰ প্ৰচাৰ উপ-সমিতিয়ে সবিশেষ তথ্য সদৰি কৰে। উপ-সমিতিখনৰ সভাপতি তথা প্রাক্তন বিধায়ক মনোৰঞ্জন দাসে সংবাদমেলত কয়, যে অধিৱেশনৰ প্ৰথম দিনা পুৱা নামঘৰৰ দ্বাৰ মুকলি, ভট্টদেৱ ক্ষেত্ৰ আৰু মূল তোৰণ উদ্বোধন, ভট্টদেৱৰ কথা সাহিত্য বিষয়ক লৈ সাহিত্য আলোচনা, মে-ডাম-মে-ফি উদযাপন, প্রতিনিধি শিবিৰ মুকলি আদি কাৰ্যসূচী অনুষ্ঠিত হ’ব। সেইদিনাই বিয়লি অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভা আৰু সন্ধিয়ালৈ সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ’ব। অধিৱেশনৰ দ্বিতীয় দিনা অসম সাহিত্য সভাৰ মূল পতাকা উত্তোলন কৰা হ’ব। ইয়াৰ সৈতে সংগতি ৰাখি পতাকা বেদীৰ প্রথম চক্ৰত ৭৭ খন পতাকা আৰু দ্বিতীয় চক্ৰত ১০৮ খন পতাকা উত্তোলন কৰা হ’ব। ইয়াৰ পাছতে স্মৃতি তর্পণ, ছহিদ তর্পণ, স্মৃতিগ্রন্থ আৰু অন্যান্য গ্ৰন্থ উন্মোচনী সভা, জনগোষ্ঠীয় সাহিত্য সন্মিলন, জাতীয় বৌদ্ধিক সন্মিলন আৰু সম্বর্ধনা অনুষ্ঠান, কবি সন্মিলন, প্রতিনিধি সভা, সাংস্কৃতিক সন্মিলন আদি অনুষ্ঠিত হ’ব। অধিৱেশনৰ তৃতীয় দিনা ধ্রুপদী অসমীয়া ভাষা শীর্ষক আলোচনা সত্ৰৰ পাছতে অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ড০ বসন্ত গোস্বামীক লৈ এটা বর্ণাঢ্য শোভাযাত্ৰা উলিওৱা হ’ব। ইয়াৰ পাছতে দিনৰ ১ বজাৰ পৰা প্ৰথমখন মুকলি সভা অনুষ্ঠিত হ’ব। অধিৱেশনৰ চতুর্থ দিনা বুৰঞ্জী সন্মিলন, লোক সাংস্কৃতিক সমাৰোহ, মুকলি সভা, যুৱ সংসদ সাংস্কৃতিক সন্মিলন অনুষ্ঠিত হ’ব। অধিৱেশনৰ পঞ্চম তথা অন্তিম দিনা অসমৰ জনগোষ্ঠীয় ছাত্ৰ যুৱ সন্মিলন আকাশ শীৰ্ষক মহিলা প্ৰতিভা বিকাশৰ অনুষ্ঠান, নাট্য সন্মিলন, অসম সাহিত্য সভাৰ বিভিন্ন বঁটা প্রদান অনুষ্ঠান অনুষ্ঠিত হ’ব। সংবাদমেলত উদ্যোক্তাসকলে জনোৱা মতে অধিৱেশনত কোনোধৰণৰ বাণিজ্য মেলা অনুষ্ঠিত নহয়। ইয়াৰ পৰিৱৰ্তে বিজ্ঞান মেলা, গ্রন্থমেলা, প্রদর্শনী অনুষ্ঠিত হ’ব। অধিৱেশনৰ সৈতে সংগতি ৰাখি দুখনকৈ ভ্রাম্যমান থিয়েটাৰ বিনামূলীয়াকৈ উপভোগ কৰাৰ ব্যৱস্থা থাকিব বুলি উদ্যোক্তাসকলে জনায়। এই অধিৱেশনথলীত স্থাপনৰ বাবে ৮৭ বর্গ ফুটৰ এটা বৃহৎ জাপি প্ৰস্তুত কৰি থকা হৈছে বুলি উদ্যোক্তা কয়, যে এই জাপিটোৰ জৰিয়তে লিমকা বুক অৱ ৰেকৰ্ডছ আৰু গীণিজ বুক অৱ ৰেকৰ্ডছত নাম অন্তর্ভুক্তিৰ বাবে চেষ্টা চলোৱা হ’ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহু বিশিষ্ট ব্যক্তিক এই অধিৱেশনলৈ আমন্ত্ৰণ জনোৱা হৈছে বুলি উদ্যোক্তাসকলে কয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।