ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

২৭ নৱেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ‘আন্তঃৰাষ্ট্ৰীয় পর্যটন মেলা’

অহা ২৭ নৱেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আন্তঃৰাষ্ট্ৰীয় পর্যটন মেলা অনুষ্ঠিত হ’ব। এই পর্যটন মেলাত বিভিন্ন দেশৰ ২০গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ লগতে কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰালয়ৰ ১৮০গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। তদুপৰি, উত্তৰ পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যই পর্যটন মেলাত অংশগ্রহণ কৰি সংশ্লিষ্ট ৰাজ্যৰ হস্তশিল্প বিপণীৰ ব্যৱস্থা কৰিছে। আনহাতে, ৰাজ্যখনৰ পৰ্যটনথলীসমূহ পৰিদৰ্শনৰ বাবে প্ৰতিনিধিসকলক তিনটিা ভাগত বিভক্ত কৰি কাজিৰঙাৰ পৰা যাত্ৰা কৰাৰ সুবিধা প্ৰদান কৰা হ’ব। সেই অনুসৰি প্ৰথমটো দল কাজিৰঙাৰ পৰা যোৰহাট-মাজুলী হৈ ডিব্ৰুগড়লৈ যাত্ৰা কৰিব। দ্বিতীয়টো দল কাজিৰঙাৰ পৰা নগাঁও-ওমৰাংছ’ -পবিতৰা হৈ গুৱাহাটীলৈ যাত্ৰা কৰিব আৰু তৃতীয়টো দল তেজপুৰ-নামেৰি হৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যাত্ৰা কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।