২৬–১১ৰ মুম্বাই আক্ৰমণৰ সৈতে জড়িতৰ অভিযোগত অভিযুক্ত তাহাবুৰ হুছেইন ৰাণাৰ ন্যায়িক জিম্মাৰ ম্যাদ ৯ জুলাইলৈ বৃদ্ধি

দিল্লীৰ এখন আদালতে আজি ২৬–১১ৰ মুম্বাই আক্ৰমণৰ সৈতে জড়িত থকাৰ অভিযোগত অভিযুক্ত তাহাবুৰ হুছেইন ৰাণাৰ ন্যায়িক জিম্মাৰ ম্যাদ ৯ জুলাইলৈকে বৃদ্ধি কৰিছে। আজি অভিযুক্ত ৰাণাক ভি ডি অ’ কনফাৰেন্সিঙৰ জৰিয়তে আদালতত হাজিৰ কৰোৱাৰ সময়ত বিশেষ ন্যায়াধীশ চন্দ্ৰেজিৎ সিঙে ৰাণাক পুনৰ ন্যায়িক জিম্মাত ৰখাৰ নির্দেশ দিয়ে। পাটিয়ালা হাউছ আদালতে তিহাৰ জে’ল কৰ্তৃপক্ষক ৰাণাৰ স্বাস্থ্যৰ স্থিতি সন্দৰ্ভত অহা সোমবাৰৰ ভিতৰত এখন প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।