February 23, 2025 8:30 PM | Bokakhat Book Fair

printer

২২ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ বোকাখাত গ্ৰন্থমেলাৰ আয়োজন

গোলাঘাট জিলাৰ বোকাখাতত অহা ২২ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ আয়োজিত বোকাখাত গ্ৰন্থমেলাৰ বাবে উদ্যোক্তাসকলে প্রস্তুতি চলাইছে। আজি বোকাখাত জাতীয় বিদ্যালয়ত গ্ৰন্থমেলাৰ শীৰ্ষ গীত মুকলি আৰু ইয়াৰ চূড়ান্ত কার্যসূচী সম্পর্কে সংবাদমেলত উদ্যোক্তাসকলে অৱগত কৰে। গ্ৰন্থমেলাৰ প্ৰতিটো দিনতে সাহিত্য সন্মিলন, শিল্প চিন্তন, নাট সমাৰোহ, বিজ্ঞানৰ দিন, কুইজ আৰু ম‍ইনামেল, সাহিত্যৰ আড্ডা, কবিতা আবৃত্তি আদি অনুষ্ঠিত হ’ব।