২০২৭ চনৰ ভিতৰত ব্ৰহ্মপুত্ৰত দুখন প্ৰমোদৰী চলাচল কৰোৱা হ’ব। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে অহা ২৭ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ মুম্বাইত হ’বলগীয়া ভাৰতীয় সামুদ্রিক সপ্তাহ, ২০২৫-ৰ সৈতে সংগতি ৰাখি কালি গুৱাহাটীত আয়োজিত এটা ৰোড শ্ব’ত অংশগ্ৰহণ কৰাৰ পাছত এই কথা প্ৰকাশ কৰে। ২৫০ কোটি টকা ব্যয়সাপেক্ষে কোলকাতাত জাহাজ দুখন নিৰ্মাণ কৰি থকা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। ইয়াৰ লগতে বৰাক আৰু ব্ৰহ্মপুত্ৰৰত প্ৰায় ১০০ খন মালবাহী জাহাজ চলাচল কৰোৱা হ’ব। মন্ত্ৰীগৰাকীয়ে কয় যে জাৰ্মানীৰ আগশাৰীৰ পৰিবহন কোম্পানী ৰেনাছ লজিষ্টিক প্রাইভেট লিমিটেডে বৰাক-ব্ৰহ্মপুত্ৰ আৰু গংগাক লৈ অধ্যয়ন সম্পূৰ্ণ কৰিছে। এই অধ্যয়নত বৰাক, ব্ৰহ্মপুত্ৰ আৰু গংগাত মালবাহী জাহাজ চলাচলৰ সুবিধা আছে বুলি প্ৰকাশ কৰা হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত এই বছৰৰ পৰাই তিনিওখন নদীত মালবাহী জাহাজ চলাচলৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ৷
অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ আভ্যন্তৰীণ জল পৰিবহণ আন্তঃগাঁথনিত বিগত দুবছৰত এহেজাৰ কোটিৰো অধিক ধন বিনিয়োগ কৰা হৈছে। তেওঁ সকলো অংশীদাৰকে ভাৰতীয় সামুদ্রিক সপ্তাহৰ কাৰ্যসূচীলৈ আদৰণি জনোৱাৰ লগতে দেশৰ সৰ্ববৃহৎ সামুদ্রিক কাৰ্যসূচীৰ অংশ হ’বলৈ আহ্বান জনায়। এই কাৰ্যসূচীত কমেও এশ খন দেশৰ প্রতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে কয়। এই অনুষ্ঠানৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ জলপথ ব্যৱহাৰ পৰ্যটন খণ্ডৰ প্ৰসাৰৰ দিহা কৰা হ’ব। ইয়াৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক দেশৰ জল পৰিবহণ খণ্ডৰ বিকাশৰ অংশীদাৰ কৰি তোলাৰ লক্ষ্য লোৱা হৈছে বুলি তেওঁ কয়। শ্ৰীসোণোৱালে কয় যে অসমত গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ ১৪ খন প্ৰমোদৰী চলাচল কৰি আছে।
Site Admin | September 3, 2025 1:10 PM | Sarbananda Sonowal
২০২৭ চনৰ ভিতৰত ব্ৰহ্মপুত্ৰত দুখন প্ৰমোদৰী চলাচল কৰোৱা হ’ব : কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱাল
