ডাউনলোড
মোবাইল এপ

android apple
signal

September 17, 2025 12:17 PM | Shivraj Chouhan

printer

২০২৫-২৬ ৰবি বৰ্ষৰ বাবে ৩৬ কোটি ২৫ লাখ খাদ্য শস্যৰ উৎপাদনৰ লক্ষ্য লোৱা হৈছে বুলি কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ ঘোষণা

২০২৫-২৬ ৰবি বৰ্ষৰ বাবে ৩৬ কোটি ২৫ লাখ খাদ্য শস্যৰ উৎপাদনৰ লক্ষ্য লোৱা হৈছে বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে ঘোষণা কৰিছে। কৃষি বিষয়ক এখন ৰাষ্ট্ৰীয় সন্মিলনত অধ্যক্ষতা কৰাৰ পাছত নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। ২০২৪-২৫ বৰ্ষৰ খাদ্য শস্যৰ উৎপাদনৰ তুলনাত এইবছৰ এই লক্ষ্য ২.৪ শতাংশ অধিক বুলি তেওঁ লগতে প্ৰকাশ কৰে। দেশৰ প্ৰয়োজন পূৰাবলৈ পৰ্যাপ্ত বীজ মজুত আছে বুলিও তেওঁ নিশ্চিতি প্ৰদান কৰে। কৃষি খণ্ডত সহযোগিতা আৰু অংশীদাৰিত্ব শক্তিশালী কৰাৰ উদ্দেশ্যে এখন ৰাষ্ট্ৰ, এটা কৃষি ব্যৱস্থা, এটা দল বিষয়বস্তুৰে এই সন্মিলনৰ আয়োজন কৰা হৈছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।