November 24, 2025 9:05 AM

views 62

নতুন দিল্লীত ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় কৃষি বিজ্ঞান সন্মিলন ২০২৫ ৰ আয়োজন

নতুন দিল্লীত আজি ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় কৃষি বিজ্ঞান সন্মিলন ২০২৫ অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে এই সন্মিলন মুকলি কৰিব। তিনিদিনীয়াকৈ আয়োজন কৰা এই সন্মিলনত বিভিন্ন কাৰ্যসূচীৰ লগতে প্ৰদৰ্শনী আৰু যুৱ বিজ্ঞানী তথা শিক্ষার্থী সমাৰোহো অনুষ্ঠিত হ'ব। এই সন্মিলনৰ এহেজাৰতকৈ অধিক বিশ্বৰ প্ৰতিনিধি সাক্ষী হোৱাৰ লগতে বিশ্বমানৰ বৈজ্ঞানিক আলাপ- আলোচনাৰ এখন মঞ্চ হিচাপে সেৱা আগবঢ়াব বুলি কৃষি আৰু কৃষক কল্যাণ মন্ত্রালয়ে আশা প্রকাশ কৰিছে। এই সন্মিলনত বিভিন্ন আন্তঃৰাষ্ট্ৰীয়...

September 17, 2025 12:17 PM

views 47

২০২৫-২৬ ৰবি বৰ্ষৰ বাবে ৩৬ কোটি ২৫ লাখ খাদ্য শস্যৰ উৎপাদনৰ লক্ষ্য লোৱা হৈছে বুলি কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ ঘোষণা

২০২৫-২৬ ৰবি বৰ্ষৰ বাবে ৩৬ কোটি ২৫ লাখ খাদ্য শস্যৰ উৎপাদনৰ লক্ষ্য লোৱা হৈছে বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে ঘোষণা কৰিছে। কৃষি বিষয়ক এখন ৰাষ্ট্ৰীয় সন্মিলনত অধ্যক্ষতা কৰাৰ পাছত নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। ২০২৪-২৫ বৰ্ষৰ খাদ্য শস্যৰ উৎপাদনৰ তুলনাত এইবছৰ এই লক্ষ্য ২.৪ শতাংশ অধিক বুলি তেওঁ লগতে প্ৰকাশ কৰে। দেশৰ প্ৰয়োজন পূৰাবলৈ পৰ্যাপ্ত বীজ মজুত আছে বুলিও তেওঁ নিশ্চিতি প্ৰদান কৰে। কৃষি খণ্ডত সহযোগিতা আৰু অংশীদাৰিত্ব...

September 5, 2025 9:09 PM

views 41

পাঞ্জাৱৰ শেহতীয়া বান পৰিস্থিতিক লৈ কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ গভীৰ উদ্বেগ প্রকাশ

কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে পাঞ্জাৱৰ শেহতীয়া বান পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্রকাশ কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে বানৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বিশদ প্রতিবেদন প্রধানমন্ত্ৰীক শীঘ্ৰেই দাখিল কৰিব। বাৰ্তাটোত তেওঁ লগতে কয় যে ৰাজ্যখনৰ এই সংকট নিৰাময়ৰ বাবে কেন্দ্ৰীয় চৰকাৰে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিব। উল্লেখযোগ্য যে কৃষি মন্ত্রী শিৱৰাজ সিং চৌহানে কালি পাঞ্জাৱৰ বান প্রভাৱিত এলেকাসমূহ পৰিদৰ্শন কৰাৰ লগতে অঞ্চলসমূহ পুনৰনিৰ্মাণৰ বাবে হ্রস্ব, মধ্যমীয়া আ...

August 5, 2025 3:31 PM

views 34

চৰকাৰে বিগত ১১ বছৰত কৃষকৰ আয় বৃদ্ধিৰ বাবে ভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে: শিৱৰাজ সিং চৌহান

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয়, যে চৰকাৰে বিগত ১১ বছৰত কৃষকৰ আয় বৃদ্ধিৰ বাবে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে। লোকসভাৰ প্রশ্ন কালত আজি পৰিপূৰক উত্তৰ দি শ্ৰী চৌহানে কয়, যে প্রধানমন্ত্রী কিষাণ সম্মান নিধিৰ অধীনত কৃষকসকলৰ বেংক একাউণ্টত চাৰি লাখ কোটি টকা পোনপটীয়াকৈ হস্তান্তৰ কৰা হৈছে। তেওঁ কয়, চৰকাৰী কৃষকসকলক চৈধ্য লাখ কোটিৰো অধিক টকাৰ সাৰ ৰাজসাহায্যও প্ৰদান কৰিছে।

January 8, 2025 8:59 PM

views 45

দুদিনীয়া অসম আৰু মেঘালয় ভ্রমণসূচীৰে গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান দুদিনীয়া অসম আৰু মেঘালয় ভ্রমণসূচীৰে আজি গুৱাহাটীত উপস্থিত হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গুৱাহাটীত ৰাজ্যৰ কৃষিমন্ত্ৰী আৰু বিভাগীয় বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিব। মন্ত্ৰী শ্ৰীচৌহানে মেঘালয়ৰ উমিয়ামত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ আঞ্চলিক কেন্দ্ৰৰ সোণালী জয়ন্তী সমাৰোহতো উপস্থিত থাকিব। এই সমাৰোহত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুও উপস্থিত থকাৰ কথা। কেন্দ্ৰীয় কৃষিমন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধী...