● শিক্ষা বিভাগে ২০২৫ বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটাৰ বাবে ১৫ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ নাম ঘোষণা কৰিছে। কাইলৈ শিক্ষক দিৱস উপলক্ষে তেজপুৰ বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ’ব। সমগ্ৰ শিক্ষা অসমৰ কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত কালি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এই বিষয়ে প্ৰকাশ কৰে। মাধ্যমিক শিক্ষাৰ ৮ গৰাকী আৰু প্ৰাথমিক শিক্ষাৰ ৭ গৰাকী কৃতি শিক্ষক-শিক্ষয়িত্ৰীৰ নাম কালি বঁটাৰ বাবে শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰে। তেওঁ কয়, যে কৃতি শিক্ষক বাছনিৰ বাবে এখন বিশেষ সমিতি গঠন কৰা হৈছিল। স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে বাছনি কৰিবলৈ কাৰ্যবিধি নিৰ্ধাৰণ কৰাৰ লগতে এটা প’ৰ্টেল মুকলি কৰা হৈছিল। এই বঁটাৰ বাবে মুঠ ৪২৭টা আবেদনৰ পৰা এই ১৫ গৰাকী শিক্ষকক বাছনি কৰা হয় বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
মাধ্যমিক শিক্ষাৰ শিক্ষক সকলৰ ভিতৰত ডিব্ৰুগড়ৰ টাইফাকে উচ্চ মাধ্যমিক প্রাথমিক বিদ্যালয়ত নি য়ট ৱেংকেন, ৰাষ্ট্রভাষা বিদ্যালয় দুলীয়াজানৰ লীলাধৰ উপাধ্যায়, মৰাণ পাবিক হাইস্কুলৰ স্বপ্নালী গগৈ, তিনিচুকীয়াৰ জি বি চৌখানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰণজিৎ বিকাশ চেতিয়া, লখিমপুৰৰ পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভৃগু প্ৰসাদ শৰ্মা, পি এম শ্ৰী টাৰিয়নি বৰবিল হাইস্কুলৰ ডম্বৰুধৰ নেৱাৰ, যোৰহাটৰ আদৰ্শ জনজাতীয় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাজেশ বৰদলৈ আৰু হাইলাকান্দিৰ পি এম শ্রীজামিৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চুফিয়ান ছিদ্দিকি বৰভূঞা আছে। একেদৰে প্ৰাথমিক শিক্ষাৰ কৃতি শিক্ষক বঁটাৰ বাবে ডিব্ৰুগড়ৰ পূৱ জালনি নিম্ন প্রাথমিক বিদ্যালয়ৰ নিজু ৰাভা, ডাঙৰচুক নিম্ন প্ৰাথমিক বিদ্যালয়ৰ গুণীন্দ্ৰ গোঁহাই, গোলাঘাটৰ এক নম্বৰ পৰানগনিয়া জ্যোতি নিম্ন প্রাথমিক বিদ্যালয়ৰ নবীন চন্দ্ৰ দাস, শিলভেটা নিম্ন প্রাথমিক বিদ্যালয়ৰ নন্দিতা ৰাজপুত, যোৰহাটৰ ২৯৫ নম্বৰ কুহুমযুগনীয়া নিম্ন প্ৰাথমিক বিদ্যালয়ৰ অনিল চন্দ্ৰ হাজৰিকা, বালিগাঁও মাধ্যমিক বিদ্যালয়ৰ দিপীকা সভাপণ্ডিত আৰু কামৰূপ মহানগৰৰ ১০ নম্বৰ মাজিৰগাঁও কে আৰ এম নিম্ন প্ৰাথমিক বিদ্যালয়ৰ উৰ্বশী দাস নিৰ্বাচিত হৈছে।