ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 21, 2024 1:04 PM | CBI | UGC NET

printer

২০২৪ বৰ্ষৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ পৰীক্ষা ইউ জি চি নেটৰ সংক্ৰান্তত চি বি আইৰ গোচৰ ৰুজু

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আয়ে ২০২৪ বৰ্ষৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ পৰীক্ষা ইউ জি চি নেটৰ সংক্ৰান্তত এটা গোচৰ ৰুজু কৰিছে। শিক্ষা বিভাগৰ সচিবৰ পৰা লাভ কৰা অভিযোগ মৰ্মে ভাৰতীয় দণ্ডবিধিৰ ১২০-খ আৰু ৪২০ ধাৰাৰ অধীনত অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰা হৈছে । চি বি আয়ে প্ৰকাশ কৰা মতে অভিযোগত বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা লাভ কৰা সংকেটৰ ভিত্তিত পৰীক্ষাৰ সততাৰ সৈতে আপোচ কৰা হৈছে যেন প্ৰতীত হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই যোৱা ১৮ জুনত দেশৰ বিভিন্ন চহৰত এই পৰীক্ষা অনুষ্ঠিত কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।