ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

২০০১ চনত সংসদ ভৱনত সন্ত্ৰাসবাদীৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ প্ৰাণাহুতি দিয়া বীৰ জোৱানসকলৰ স্মৃতিত ৰাষ্ট্ৰপতি মুৰ্মুৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০০১ চনত সংসদ ভৱনত সন্ত্ৰাসবাদীৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ গৈ প্ৰাণাহুতি দিয়া বীৰ জোৱানসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমতী মুমুৱে সুৰক্ষা কৰ্মীসকলৰ সাহস আৰু নিস্বাৰ্থ সেৱাৰ কথা স্মৰণ কৰি কয়, যে তেওঁলোকে দেশবাসীক নিৰন্তৰভাৱে অনুপ্ৰাণিত কৰি আহিছে। ৰাষ্ট্ৰপতিয়ে লগতে এই ত্যাগৰ বাবে তেওঁলোকৰ ওচৰত দেশ সদায় কৃতজ্ঞ হৈ থাকিব বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই সাহসী জোৱানসকলৰ ত্যাগে দেশবাসীক সদায় অনুপ্ৰাণিত কৰিব বুলি প্ৰকাশ কৰে। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীৰ সংসদভৱন চৌহদত এই সন্ত্ৰাসবাদী আক্ৰমণৰ ছহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অর্পন কৰে।