প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ বিমান পৰিবহন আন্তঃগাঁথনি খণ্ডত নতুন ইতিহাসৰ সূচনা কৰি নবী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ মুকলি কৰে। ১৯ হাজাৰ ৬৫০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই বিমান বন্দৰটোৰ বাণিজ্যিক সেৱা অহা ডিচেম্বৰত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ লগে লগে একাধিক আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ থকা বিশ্বৰ বছা বছা চহৰৰ ভিতৰত মুম্বাইৰ নামও অন্তৰ্ভুক্ত হ’ল। বিমান বন্দৰটো আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পূৰ্বে প্রধানমন্ত্ৰীয়ে বন্দৰটো পৰিদৰ্শন কৰে আৰু যাত্ৰীসকলৰ বিভিন্ন সা-সুবিধাৰ বুজ লয়। শ্ৰীমোদীয়ে লগতে ফুল আৰু ৰাষ্ট্ৰীয় পতাকাৰে আদৰণি জনোৱা দিব্যাংগ শিশুসকলৰ সৈতে মত-বিনিময় কৰে। এই উপলক্ষে এটা সমাবেশত ভাষণ দি প্রধানমন্ত্রীয়ে কয় যে এই নতুন বিমান বন্দৰটোৱে বিকশিত ভাৰতৰ দৃষ্টিভঙ্গীক প্ৰতিফলিত কৰিছে আৰু দেশৰ প্ৰগতি, সংস্কৃতি আৰু প্ৰযুক্তিগত সামর্থ্য্য তুলি ধৰিছে। তেওঁ কয় যে বিমান বন্দৰটো পদুম আকৃতিৰ আৰ্হিৰে দেশৰ ঐতিহ্যক প্ৰতিফলিত কৰিছে। তেওঁ কয় যে বিমান বন্দৰটোৰ পৰা কৃষক আৰু মাছমৰীয়াসকল উপকৃত হ’ব। তেওঁলোকে বিমান বন্দৰটোৰ জৰিয়তে সামগ্ৰী ক্ষিপ্ৰতাৰে গোলকীয় বজাৰলৈ ৰপ্তানি কৰিব পাৰিব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে ২০১৪ চনত দেশত মাত্র ৭৪টা বিমান বন্দৰ আছিল আৰু সম্প্ৰতি এনে বন্দৰৰ সংখ্যা ১৬০ৰো অধিক হৈছে।
প্ৰধানমন্ত্রী শ্রীমোদীয়ে কয় যে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে বিমান সেৱা সহজলভ্য আৰু বহনক্ষম কৰি তোলাৰ উদ্দেশ্যে প্ৰৱৰ্তন কৰা উড়ান আঁচনিৰ অধীনত এই সফলতা অৰ্জন কৰিব পৰা হৈছে। ভাৰত সম্প্ৰতি বিশ্বৰ তৃতীয় সর্ববৃহৎ ঘৰুৱা বিমান পৰিবহন বজাৰ ৰূপে পৰিগণিত হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে।
তেওঁ কয় যে এই দশকৰ শেষভাগলৈ ভাৰতবৰ্ষক বিমান পৰিবহনৰ তত্বাৱধান আৰু মেৰামতিৰ গোলকীয় কেন্দ্ৰৰূপে গঢ়ি তোলাৰ লক্ষ্য স্থিৰ কৰা হৈছে। আত্মনিৰ্ভৰশীলতাৰ বিষয়ে গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক স্বদেশী সামগ্ৰী ব্যৱহাৰৰ মন্ত্ৰ আঁকোৱালি ল’বলৈ আহ্বান জনায়। তেওঁ কয় যে স্থানীয় উদ্যোগ আৰু থলুৱা উদ্ভাৱনৰ প্ৰসাৰৰ ওপৰতেই দেশৰ প্ৰগতি নিৰ্ভৰ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে মুম্বাই মেট্ৰ’ৰ ২-খ লাইনকে ধৰি আন কেইবাটাও প্রকল্প উদ্বোধন কৰে। অনুষ্ঠানত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছ, উপ-মুখ্য মন্ত্ৰী অজিত পাৱাৰ আৰু একনাথি সিন্ধে, কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্রী কিঞ্জাৰাপু ৰামমোহন নাইডু আৰু উদ্যোগপতি গৌতম আদানিয়ে প্রধানমন্ত্রীক সংগ দিয়ে।
Site Admin | October 8, 2025 9:11 PM | Akashvani | Mumbai | Nabi Mumbai | narendra modi
১৯,৬৫০ কোটি টকা ব্যয়সাপেক্ষে নবী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ মুকলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
