ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

১৪ বছৰ অনূর্ধ পুলিন দাস আন্তঃজিলা ক্রিকেট প্রতিযোগিতাৰ মধ্য অসম মণ্ডলৰ গ্ৰুপ-A তৃতীয়খন খেলত মৰিগাঁও জিলা ক্রীড়া সন্থাই তিতাবৰ জিলা ক্রীড়া সন্থাক ৪৯ ৰাণত পৰাস্ত

 

অসম ক্রিকেট সন্থাৰ উদ্যোগত আয়োজিত ১৪ বছৰ অনূর্ধ পুলিন দাস আন্তঃজিলা ক্রিকেট প্রতিযোগিতাৰ মধ্য অসম মণ্ডলৰ গ্ৰুপ-A আজি তৃতীয়খন খেল মৰিগাঁও জিলা ক্রীড়া সন্থাৰ আতিথ্যত আৰু ক্ৰিকেট উপ-সমিতিৰ তত্বাৱধানত অনুষ্ঠিত হৈছে। আজিৰ খেলত মৰিগাঁও জিলা ক্রীড়া সন্থাই তিতাবৰ জিলা ক্রীড়া সন্থাক ৪৯ ৰাণত পৰাস্ত কৰি মধ্য অসম মণ্ডলৰ গ্ৰুপ-এৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰাৰ লগতে মাণ্ডলিক ফাইনেলত প্ৰৱেশ কৰিছে। মৰিগাঁও জিলা ক্রীড়া সন্থাই প্ৰথমে বেট ধৰি ২৬ অভাৰত ৮৬ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত তিতাববে ২২ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ৩৭ ৰাণহে কৰিবলৈ সক্ষম হয়।