১০৫ খন পৌৰ নিগম নিকায়ৰ ১০৪৪ গৰাকী কৰ্মচাৰীক অৱসৰ পৰ্যন্ত চৰকাৰে দৰমহা প্ৰদান কৰিব : মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

ৰাজ্যৰ ১০৫ খন পৌৰ নিগম নিকায়ৰ ১০৪৪ গৰাকী কৰ্মচাৰীক অৱসৰ পৰ্যন্ত চৰকাৰে দৰমহা প্ৰদান কৰিব। ২০১৩ চনৰ ৪ ছেপ্তেম্বৰৰ ভিতৰত নিযুক্তি লাভ কৰাসকলে এই সুবিধা লাভ কৰিব। অসম বিধানসভাত কালি ৰাজ্যৰ পৌৰ নিগম নিকায়সমূহত কৰ্মৰত কৰ্মচাৰীসকলৰ পদ প্ৰাদেশিকীকৰণ বিধেয়ক গৃহীত হোৱাৰ পাছতে গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই কথা প্ৰকাশ কৰে । বিধেয়কখনৰ কেইবাটাও দফাৰ সংশোধনী প্রস্তাৱৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয়, যে পৌৰ নিগম নিকায়সমূহে স্বতন্ত্রভাবে কাম কৰাৰ লগতে কৰ্মচাৰীসকলক নিযুক্তি দি দৰমহা প্ৰদান কৰি আহিছে। কিন্তু বহু পৌৰ নিগম নিকায়ৰ সময়ত কৰ্মচাৰীসকলক দৰমহা দিব নোৱাৰাত কৰ্মচাৰীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে। বিষয়টো সন্দৰ্ভত আলোচনা আৰু বিবেচনাৰ অন্তত পথসমূহ প্ৰাদেশিকীকৰণৰ বাবে আইনখন আনি তেওঁলোকক সকাহ দিবলৈ চেষ্টা কৰা হৈছে বুলি মন্ত্ৰী মল্লবৰুৱাই উল্লেখ কৰে।
মন্ত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰে যে ৰাজ্যৰ প্ৰত্যেকখন পৌৰ নিগম নিকায়ৰ দৰমহা গাঁথনি পূৰ্বতে পৃথক আছিল যদিও এতিয়া সকলোকে সম পৰ্যায়ৰ আৰু এটা নিৰ্দিষ্ট দৰমহা গাঁথনিৰ আওতালৈ অনা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।