হোজাই জিলা আইন সেৱাৰ প্ৰাধিকৰণৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ নগৰত অহা ১৩ ডিচেম্বৰত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন

অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ নির্দেশনা মর্মে হোজাই জিলা আইন সেৱাৰ প্ৰাধিকৰণৰ উদ্যোগত জিলাখনৰ সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত অহা ১৩ ডিচেম্বৰত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। এই লোক আদালতৰ জৰিয়তে ন্যায়িক আদালতত আপোচ যোগ্য বিভিন্ন ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা দাবী, যান-বাহন সম্পৰ্কীয় গোচৰ, ন্যায়াধীকৰণৰ গোচৰ, চেক বাউন্স গোচৰ, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিৰ দ্ৰুত নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বেংকৰ ঋণ, বীমা সম্পৰ্কীয় গোচৰ টেলিফন বিল, বিজুলী মাচুল সম্পৰ্কীয় বিবাদ নিষ্পত্তিৰো ব্যৱস্থা কৰা হৈছে। এই ক্ষেত্ৰত বেংক, বীমা কোম্পানী, বি এছ এন এল, এ পি ডি চি এলৰ শাখাসমূহক সংশ্লিষ্ট পক্ষৰ সৈতে আগতীয়া পৰামৰ্শ বৈঠকত অনুষ্ঠিত কৰিবলৈ হোজাই জিলা আইন সেৱা প্ৰাধিকৰণৰ তৰফৰ পৰা নিৰ্দেশ দিয়া হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।