December 6, 2025 7:00 PM

views 29

হোজাই জিলা আইন সেৱাৰ প্ৰাধিকৰণৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ নগৰত অহা ১৩ ডিচেম্বৰত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন

অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ নির্দেশনা মর্মে হোজাই জিলা আইন সেৱাৰ প্ৰাধিকৰণৰ উদ্যোগত জিলাখনৰ সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত অহা ১৩ ডিচেম্বৰত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। এই লোক আদালতৰ জৰিয়তে ন্যায়িক আদালতত আপোচ যোগ্য বিভিন্ন ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা দাবী, যান-বাহন সম্পৰ্কীয় গোচৰ, ন্যায়াধীকৰণৰ গোচৰ, চেক বাউন্স গোচৰ, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিৰ দ্ৰুত নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বেংকৰ ঋণ, বীমা সম্পৰ্কীয় গোচৰ টেলিফন বিল, বিজুলী মাচুল সম্পৰ্কীয় বিবাদ নিষ্পত্তিৰো...

March 27, 2025 12:03 PM

views 35

হোজাই জিলাত অসম বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিৰ প্রতিনিধি দলৰ চৰকাৰী আঁচনিৰ কাম-কাজ পৰিদৰ্শন

■ অসম বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিৰ এটা প্রতিনিধি দলে কালি হোজাই জিলাত উপস্থিত হৈ জিলাখনত ৰূপায়ণ হৈ থকা বিভিন্ন চৰকাৰী আঁচনিৰ কাম-কাজ পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ অন্তত জিলা সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত আয়ুক্ত আৰু জিলাখনৰ বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত এখন পর্যালোচনা সভাত মিলিত হয়।

March 9, 2025 7:18 PM

views 23

হোজাই জিলাৰ লংকাৰ শ্ৰীশ্ৰীশংকৰদেৱ হাইস্কুলৰ সোণালী জয়ন্তী উৎসৱৰ লাইখুটা স্থাপন

হোজাই জিলাৰ লংকাৰ নিকটৱৰ্তী ২ নম্বৰ পিপল পুখুৰী অঞ্চলত অৱস্থিত শ্ৰীশ্ৰীশংকৰদেৱ হাইস্কুলৰ সোণালী জয়ন্তী উৎসৱৰ আজি লাইখুটা স্থাপন কৰা হয়। লংকা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা প্রকৃতিপ্রেমী জয়বাবু সিংহই লাইখুটা স্থাপন কৰা অনুষ্ঠানত হোজাই জিলাৰ কেইবাজনো বিশিষ্ট ব্যক্তিৰ লগতে স্থানীয় ৰাইজ আৰু বিদ্যালয়ৰ শিক্ষক আৰু শিক্ষয়িত্ৰীসকল উপস্থিত থাকে। অহা ৪, ৫ আৰু ৬ এপ্রিল তাৰিখে ৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণালী জয়ন্তী উৎসৱ আয়োজন কৰা হ'ব। সোণালী জয়ন্তী উৎসৱৰ প্ৰথম দিনা তোৰণ উদ্বোধন, বিদ্যালয়ৰ প...

July 14, 2024 7:14 PM

views 25

হোজাইৰ সাগৰবস্তিত ৰবীন্দ্ৰ নাথ ঠাকুৰৰ প্ৰতিমূৰ্তি উন্মোচন

হোজাইৰ সাগৰবস্তিত থকা ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত ভৱনৰ চৌহদত কবি গুৰুগৰাকীৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। প্ৰতিমূৰ্তিটো উন্মোচন কৰি হোজাই সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা সদৌ অসম ভাষিক সংখ্যালঘু মৰ্চাৰ অধ্যক্ষ শিলাদিত্য দেৱে ৰবীন্দ্ৰ নাথ ঠাকুৰৰ বহুমুখী ব্যক্তিত্বৰ বিষয়ে স্মৰণ কৰে। অনুষ্ঠানটোত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যসহ কেইবাগৰাকীও অধ্যাপক আৰু হোজাই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।