হোজাই জিলাৰ লংকাৰ নিকটৱৰ্তী ২ নম্বৰ পিপল পুখুৰী অঞ্চলত অৱস্থিত শ্ৰীশ্ৰীশংকৰদেৱ হাইস্কুলৰ সোণালী জয়ন্তী উৎসৱৰ আজি লাইখুটা স্থাপন কৰা হয়। লংকা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা প্রকৃতিপ্রেমী জয়বাবু সিংহই লাইখুটা স্থাপন কৰা অনুষ্ঠানত হোজাই জিলাৰ কেইবাজনো বিশিষ্ট ব্যক্তিৰ লগতে স্থানীয় ৰাইজ আৰু বিদ্যালয়ৰ শিক্ষক আৰু শিক্ষয়িত্ৰীসকল উপস্থিত থাকে। অহা ৪, ৫ আৰু ৬ এপ্রিল তাৰিখে ৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণালী জয়ন্তী উৎসৱ আয়োজন কৰা হ’ব। সোণালী জয়ন্তী উৎসৱৰ প্ৰথম দিনা তোৰণ উদ্বোধন, বিদ্যালয়ৰ পতাকা উত্তোলন, গছপুলি ৰোপণ, বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ লগতে নিশাৰ ভাগত নাট প্ৰদৰ্শন কৰা হ’ব। দ্বিতীয় দিনা বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সোণালী জয়ন্তী বৰ্ষৰ ৫০ খন পতাকা উত্তোলন কৰাৰ লগতে নিশাৰ ভাগত এখন নাট মঞ্চস্থ হ’ব। তৃতীয় দিনা বর্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত প্রাক্তন বিধায়িকা আঙ্গুৰলতা ডেকাই অংশগ্রহণ কৰিব। অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত, সাংসদ কামাখ্যা প্রসাদ তাছা, বিধায়ক শিবু মিশ্র, জিলা আয়ুক্ত, জিলা আৰক্ষীসহ সাহিত্যিক নন্দসিং বৰকলা আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব বুলি আদৰণি সমিতিৰ সভাপতিয়ে আমাৰ সংবাদদাতাক জানিবলৈ দিয়ে।
Site Admin | March 9, 2025 7:18 PM | Hojai District
হোজাই জিলাৰ লংকাৰ শ্ৰীশ্ৰীশংকৰদেৱ হাইস্কুলৰ সোণালী জয়ন্তী উৎসৱৰ লাইখুটা স্থাপন