November 2, 2025 11:55 AM | Supreme Court of India

printer

হোজাই জিলাৰ যমুনা-মৌডেঙা বনাঞ্চলৰ দখলিকৃত ভূমি দখলমুক্ত কৰাৰ ক্ষেত্ৰত স্থিতাবস্থা বাহাল ৰাখিবলৈ উচ্চতম ন্যায়ালয়ৰ নির্দেশ

ৰাজ্য চৰকাৰে জাননী জাৰি কৰা হোজাই জিলাৰ যমুনা-মৌডেঙা বনাঞ্চলৰ দখলিকৃত ভূমি দখলমুক্ত কৰাৰ ক্ষেত্ৰত স্থিতাবস্থা বাহাল ৰাখিবলৈ উচ্চতম ন্যায়ালয়ে নির্দেশ দিছে। যোৱা ১৩ অক্টোবৰত হোজাই বন সংমণ্ডলৰ ডবকাৰ এই ভূমি দখল হোৱা বুলি চিহ্নিত কৰি প্ৰশাসনে ১৫ দিনৰ ভিতৰত বাসস্থান খালী কৰাৰ বাবে ৬০০ পৰিয়াললৈ জাননী জাৰি কৰিছিল। এই জাননীক প্রত্যাহ্বান জনাই দাখিল কৰা ৩৫০ আৱেদনৰ ভিতৰত এখন শুনানী গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পি এছ নৰসিংহ আৰু ন্যায়াধীশ আৰ মহাদেৱনৰ খণ্ড বিচাৰপীঠে আৱেদনখন নিষ্পত্তি নোহোৱা পর্যন্ত দুয়োপক্ষকে স্থিতাবস্থা বাহাল ৰাখিবলৈ নিৰ্দেশ দিয়ে। আদালতে চৰকাৰৰ বন বিভাগ, হোজাই জিলা প্রশাসন আদি পদকীয়া পক্ষসমূহলৈ জাননী জাৰি কৰে। ১৪ নৱেম্বৰ আৱেদনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে। সেইদিনা উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰৰ উচ্ছেদৰ জাননীক প্রত্যাহ্বান জনাই গোলাঘাট জিলাৰ দৈয়াং আৰু নামবৰ সংৰক্ষিত বনাঞ্চলৰ কমেও ৭০টা পৰিয়ালে দাখিল কৰা আন দুখনৰ আৱেদনৰ সৈতে হোজাইৰ লোকসকলৰ আৱেদনৰ শুনানিও গ্ৰহণ কৰিব। উল্লেখযোগ্য যে, নামবৰ আৰু দৈয়াঙৰ আৱেদনকাৰী পৰিয়ালসমূহৰ ক্ষেত্ৰতো স্থিতাৱস্থা বাহালৰ নিৰ্দেশ কার্যকৰী হৈ আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।