ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

হোজাই জিলাত অসম বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিৰ প্রতিনিধি দলৰ চৰকাৰী আঁচনিৰ কাম-কাজ পৰিদৰ্শন

■ অসম বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিৰ এটা প্রতিনিধি দলে কালি হোজাই জিলাত উপস্থিত হৈ জিলাখনত ৰূপায়ণ হৈ থকা বিভিন্ন চৰকাৰী আঁচনিৰ কাম-কাজ পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ অন্তত জিলা সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত আয়ুক্ত আৰু জিলাখনৰ বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত এখন পর্যালোচনা সভাত মিলিত হয়।