ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 23, 2025 5:40 PM | Cricket | SPORTS

printer

হেডিংলি টেষ্টৰ চতুর্থ দিনত ভাৰতে তৃতীয় দিনত সংগ্ৰহ কৰা ৯০ ৰানৰ পৰা খেল পুনৰ আৰম্ভ কৰিব

হেডিংলি টেষ্টৰ আজি চতুর্থ দিনা ভাৰতে কালি তৃতীয় দিনা সংগ্ৰহ কৰা ৯০ ৰানৰ পৰা খেল পুনৰ আৰম্ভ কৰিব। কালি দিনান্তত কে এল ৰাহুলে ৪৭ ৰান আৰু অধিনায়ক শুভমন গীলে ৬ ৰান কৰি বেট ধৰি আছিল৷ ইয়াৰ পূৰ্বে ইংলেণ্ডে ভাৰতৰ প্ৰথম ইনিংছৰ ৪৭১ ৰানৰ প্ৰত্যুতৰত আটাইকেইটা উইকেট হেৰুৱাই ৪৬৫ ৰান সংগ্ৰহ কৰে। ফলত ভাৰতে খেলখনত প্ৰথম ইনিংছত মাত্র ৬ ৰানৰ অগ্ৰগতি লাভ কৰে। বৰষুণৰ বাবে কালিৰ খেল কিছুসময়ৰ পূৰ্বে সামৰিবলগীয়া হৈছিল।