ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

হিয়াৰ আমঠু জুবিন গাৰ্গক শেষ দৰ্শনৰ বাবে সমগ্ৰ নিশা অজস্র গুণমুগ্ধৰ ভিৰ

ৰাজ্যৰ সংগীত ক্ষেত্ৰত কাহানিও পূৰাব নোৱোৰা শূন্যতাৰ সৃষ্টি কৰি আকস্মিকভাৱে আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অনুৰাগীসকলে আজিও অভূতপূৰ্ব ৰূপত শ্রদ্ধা নিবেদন কৰে। হিয়াৰ আমঠু শিল্পীগৰাকীক শেষ দৰ্শনৰ বাবে সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত কালি গোটেই নিশা অজস্র গুণমুগ্ধই ভিৰ কৰে। আজি পুৱাৰে পৰা ষ্টেডিয়ামত শিল্পীগৰাকীক অন্তিমবাৰৰ বাবে দৰ্শন কৰিবলৈ বিৰ দি বাট নোপোৱা পৰিৱেশৰ সৃষ্টি হয়। শিল্পীগৰাকীক সকলো অনুৰাগীয়ে শ্ৰদ্ধাঞ্জলি জনাব পৰাকৈ আজিও ষ্টেডিয়াম খোলা থাকিব। জুবিন গাৰ্গৰ মৃত্যুত ঘোষণা কৰা ৰাজ্যিক শোক কাইলৈ পৰ্যন্ত বৃদ্ধি কৰা হৈছে। কাইলৈ যোৰাবাটৰ সমীপৰ কমাৰকুছিত ৰাজ্যিক মর্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব।

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি অন্ত্যেষ্টিক্ৰিয়াৰ স্থান পৰিদৰ্শন কৰি কয়, যে এই কাৰ্যসূচীত কেন্দ্রীয় চৰকাৰ আৰু বিভিন্ন ৰাজ্যৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। সুকলমে এই কাৰ্য সম্পন্ন কৰাৰ বাবে সকলো ধৰণৰ সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে। কাইলৈ সৰুসজাই ষ্টেডিয়ামৰ পৰা অন্ত্যেষ্টিক্ৰিয়াৰ স্থানলৈ শিল্পীগৰাকীৰ পাৰ্থিৱ শৰীৰ লৈ যোৱা সময়ৰে পৰা শেষকৃত্য সম্পন্ন হোৱালৈ ভিডিঅ’গ্ৰাফী কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে কাইলৈ শেষকৃত্যত হ’বলগীয়া ভিৰৰ প্ৰতি লক্ষ্য ৰাখি দিনৰ ২ বজালৈ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ ৰখা হ’ব আৰু আৰক্ষীয়ে আইন শৃংখলা ৰক্ষাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিব। তদুপৰি জুবিন গাৰ্গৰ পৰিয়াল সিদ্ধান্তমৰ্মে শিল্পীগৰাকীৰ ১৩ দিনীয়া শ্রাদ্ধানুষ্ঠান যোৰহাটত পালন কৰা হ’ব আৰু সেইদিনাই তেওঁৰ চিতাভস্ম যোৰহাটৰ ৰাইজক আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে কয়, যে শিল্পীগৰাকীৰ সন্মানাৰ্থে কাইলৈ অসমৰ সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব। কামৰূপ মহানগৰ জিলাৰ চৰকাৰী কাৰ্যালয়সমূহ বন্ধ থাকিব যদিও বাকী সকলো ঠাইতে কার্যালয় খোলা ৰখা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।