ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

হাৰিয়ানাত মিত্ৰতাৰ বিষয় লৈ কংগ্ৰেছ আৰু আম আদমী পাৰ্টীক সমালোচনা বিজেপিৰ

বিজেপিয়ে হাৰিয়ানাত মিত্ৰতাৰ বিষয় লৈ কংগ্ৰেছ আৰু আম আদমী পাৰ্টীক সমালোচনা কৰি কৈছে যে, বিৰোধী মিত্ৰজোটটোৰ কোনো নিৰ্দিষ্ট পৰিকল্পনা নাই। হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ আৰু আম আদমী পাৰ্টীৰ মাজত মিত্রতা স্থাপন হ’ব পাৰে বুলি চলা জল্পনা-কল্পনাৰ মাজতে বিজেপিৰ মুখপাত্র শ্বেহজাদ পুণেৱালাই আজি নতুন দিল্লীত কয় যে, পাঞ্জাৱত আম আদমী পাৰ্টী আৰু কংগ্ৰেছ পৰস্পৰৰ বিৰোধী। পূৰ্বতে দিল্লীত মিত্রতা স্থাপন কৰা কংগ্ৰেছ আৰু আম আদমী পাটীৰ মাজত দেখা দিয়া অনিশ্চয়তাই দল দুটাৰ হতাশাকে প্রতিফলিত কৰিছে বুলি মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে।