আয়ুষ মন্ত্র্যালয়ে সকলো নাগৰিক বিশেষকৈ বয়োজ্যেষ্ঠ লোক তথা ৰজোঃনিবৃত্তি হোৱা মহিলাসকলক অষ্টিওপৰোচিছ অর্থাৎ হাড়ৰ দুৰ্বলতা আৰু ক্ষয়ৰ দৰে ৰোগ ৰোধ কৰাৰ বাবে সন্তুলিত আহাৰ আৰু শাৰীৰিক ব্যায়ামৰ দৰে আয়ুর্বেদিক উপায় অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। কাইলৈ পালন কৰিবলগীয়া বিশ্ব অষ্টিওপৰোচিছ দিৱসৰ প্ৰাক সন্ধ্যা এটা বিবৃত্তি যোগে মন্ত্র্যালয়ে কৈছে যে, এই অভ্যাসসমূহ নিজৰ দৈনন্দিন জীবনত প্ৰয়োগ কৰি জনসাধাৰণে নিজৰ হাড় শক্তিশালী কৰাৰ লগতে হাড় দুর্বল হোৱাৰ সম্ভাৱনা হ্রাস কৰিব পাৰে। তদুপৰি এই ৰোগৰ সৈতে যুঁজিবলৈ আগতীয়াকৈ প্ৰতিৰোধমূলক যত্ন আৰু সুস্থ জীবনশৈলী অৱলম্বন কৰিব লাগে কিয়নো এই ৰোগ সমগ্ৰ বিশ্বৰ লাখ লাখ লোকৰ স্বাস্থ্যৰ প্ৰতি প্ৰত্যাহ্বান হিচাপে পৰিগণিত হৈছে। এই বছৰ এই দিৱস পালনৰ উদ্দেশ্যে হৈছে হাড় সবল কৰি ৰখাৰ লগতে অষ্টিওপৰোচিছৰ আয়ুর্বেদিক সমাধান সম্পর্কে সজাগতা বৃদ্ধি কৰা।
Site Admin | October 19, 2025 7:55 PM | Ministry of Ayush
হাড়ৰ দুৰ্বলতা আৰু ক্ষয় ৰোগ ৰোধ কৰাৰ বাবে সন্তুলিত আহাৰ আৰু শাৰীৰিক ব্যায়ামৰ দৰে আয়ুর্বেদিক উপায় অৱলম্বন কৰিবলৈ আয়ুষ মন্ত্র্যালয়ৰ সকলো নাগৰিকলৈ আহ্বান