ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 11, 2025 7:08 PM | Assam | Haj yatra

printer

হজ যাত্ৰাৰ বাবে অসমকে ধৰি বিভিন্ন ৰাজ্যৰ মুঠ ৩,৬৭৬ জন আবেদনকাৰীক অস্থায়ীভিত্তিত অনুমতি

চলিত বছৰৰ হজ যাত্ৰাৰ বাবে অসমকে ধৰি বিভিন্ন ৰাজ্যৰ মুঠ ৩,৬৭৬ জন আবেদনকাৰীক অস্থায়ীভিত্তিত অনুমতি দিয়া হৈছে। কেন্দ্ৰীয় হজ কমিটিয়ে এইবাৰৰ হজৰ বাবে দ্বিতীয়খন অপেক্ষাৰ তালিকা আজি প্ৰকাশ কৰে। সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই আৱেদনকাৰীসকলে অহা ২৩ জানুৱাৰীৰ পূৰ্বে মুঠ ২,৭২,৩০০টকা হজৰ ধন জমা দিয়াৰ লগতে এই সন্দৰ্ভত প্রয়োজনীয় নথি-পত্ৰ দাখিল কৰিব লাগিব। কেন্দ্রীয় হজ কমিটিয়ে এইবাৰ হজ যাত্ৰা কৰিবলগীয়া ১,২২,০০০ যাত্ৰীক সুবিধা আগবঢ়াব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।