হংকঙৰ কাম-কাজত হস্তক্ষেপক লৈ আমেৰিকাৰ জোৱানসকলৰ ভিছাত নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত চীনৰ

চীনৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্র মাও নিঙে কয় যে হংকঙৰ কাম-কাজত হস্তক্ষেপক লৈ চীনে আমেৰিকাৰ জোৱানসকলৰ ভিছাত নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত লৈছে। শেহতীয়াকৈ আমেৰিকাই হংকঙৰ প্ৰশাসনিক আৰু চৰকাৰী বিষয়াসকলৰ ভিছাত নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণৰ প্ৰতিক্ৰিয়াৰূপে বেইজিঙত অনুষ্ঠিত সংবাদমেলত মুখপাত্ৰগৰাকীয়ে এই সিদ্ধান্ত ঘোষণা কৰে। মুখপাত্ৰগৰাকীয়ে লগতে কয় যে আমেৰিকাই চীনৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰি আন্তঃৰাষ্ট্ৰীয় আইনৰ নীতি আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক নিয়ন্ত্ৰণ কৰা মৌলিক নীতি-নিয়ম উলংঘা কৰিছে।