হংকং অ’পেন বেডমিণ্টন প্রতিযোগিতা ২০২৫ আজি আৰম্ভ হ’ব

● হংকং অ’পেন বেডমিণ্টন প্রতিযোগিতা ২০২৫ আজি আৰম্ভ হ’ব। দুবাৰৰ অলিম্পিক পদক বিজয়ী পিভি সিন্ধুৱে প্ৰতিযোগিতাত ভাৰতীয় খেলুৱৈৰ দলটোক নেতৃত্ব দিব। প্ৰথমখন মেচত সিন্ধু ইউৰোপীয় চেম্পিয়নশ্বিপৰ ৰূপৰ পদক বিজয়ী ডেনমাৰ্কৰ লাইন ক্রিষ্টোফাৰচেনৰ মুখামুখি হ’ব৷ পুৰুষৰ একক শাখাত লক্ষ্য সেনে শ্রেষ্ঠত্বপ্ৰ দৰ্শন কৰিবলৈ চেষ্টা কৰিব। পুৰুষৰ একক শাখাত এইচ এছ প্রণয় আৰু আয়ুষ শ্বেট্টীয়েও খেলিব। পূর্বে বিশ্বৰ ১ নম্বৰ স্থানত থকা খেলুৱৈ কিদাম্বী শ্রীকান্তে অৰ্হতা অৰ্জন ৰাউণ্ডত থাৰুণ মান্নেপল্লীৰ বিৰুদ্ধে খেলিব। পুৰুষৰ ডাবলছত ভাৰতৰ হৈ সত্বিক সাইৰাজ ৰনকিৰেড্ডী আৰু চিৰাগ শ্বেট্টীয়ে খেলিব। ভাৰতৰ হৰিহৰণ আমছা কৰুনন আৰু ৰুবন কুমাৰ ৰেথিনা ছাবপতিয়ে বি ডব্লিউ এফ ছুপাৰ ফাইভ হান্ড্রেড প্রতিযোগিতাত পুৰুষৰ ডাবলছত অংশগ্রহণ কৰিব। মিক্সড ডাবলছ শাখাত ধ্ৰুৱ কপিলা-তানিশা ক্রাষ্টো আৰু ৰোহন কাপুৰ-ৰুথিকা গাড্ডেৰ যুটি দুটাই খেলিব।