পশ্চিম কাৰ্বি আংলঙ জিলাত স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত ৰূপান্তৰমুখী পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি হামৰেণত ১০০খন বিচনাযুক্ত নতুন জিলা চিকিৎসালয় উদ্বোধন কৰে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত প্ৰায় ৩০ কোটি টকা ব্যয় সাপেক্ষে এই জিনা চিকিৎসালয়খন নিৰ্মাণ কৰা হৈছে। এই চিকিৎসালয়ত জীকালীন বিভাগ, শৈল্য চিকিৎসা, প্রসূতি আৰু স্ত্রীরোগ, শিশু ৰোগ, মনোযোগ আদি বিভাগ থকাৰ উপৰি অস্ত্ৰোপচাৰ কক্ষ, আই চি ইউ, ব্লাড বেংক আদিকে ধৰি প্ৰায় সকলোবোৰ সুবিধা আছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই উপলক্ষে আয়োজিত সভাত ভাষণ দি অতি দূৰণিবটীয়া অঞ্চলত স্থাপন কৰা এই চিকিৎসালয়ে জনসাধাৰণক উপকৃত কৰিব বুলি উল্লেখ কৰে। তেওঁ লগতে স্থানীয় যুৱতীসকলক নাৰ্ছিং শিক্ষা প্ৰদানৰ সুবিধার্থে হামৰেণত এখন জিএনএম নাৰ্ছিং স্কুল স্থাপনৰ কথা ঘোষণা কৰে। জিলা চিকিৎসালয়খনত অহা ডিচেম্বৰৰ ভিতৰত চি টি স্কেন মেচিনৰ সুবিধা কার্যক্ষম কৰি তোলা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে প্রকাশ কৰে। তেওঁ চিকিৎসক আৰু নাৰ্ছসকলক জনসাধাৰণৰ সেৱাত উৎসৰ্গিত মনোভাৱেৰে সেৱা আগবঢ়াবলৈ আহ্বান জনায়। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে কালি বংখাং বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ সদস্যাসকলক মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত আর্থিক সাহায্য বিতৰণ কৰে। এই উপলক্ষে ডংকামোকামৰ ৱাইছং ষ্টেডিয়ামত আয়োজিত এখন জনসভাত ২২০০ আত্মসহায়ক গোটৰ প্ৰায় ১৯ হাজাৰ গৰাকী হিতাধিকাৰীক ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰা হয় । মুখ্যমন্ত্ৰী শৰ্মাই কয় যে এই আঁচনিৰ অধীনত উদ্যমী মহিলাসকলক লাখপতি বাইদেউলৈ উন্নীত কৰাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে। তেওঁ মহিলাসকলক উপার্জনমুখী কামত নিজকে নিয়োজিত কবি সমাজৰ উন্নয়নমুখী পৰিবৰ্তনৰ অংশীদাৰ হ’বলৈ আহ্বান জনায়।
Site Admin | September 29, 2025 10:28 AM | Assam CM at Karbi Anglong
স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত ৰূপান্তৰমুখী পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পশ্চিম কাৰ্বি আংলঙ জিলাৰ হামৰেণত নতুন জিলা চিকিৎসালয় উদ্বোধন
