ডাউনলোড
মোবাইল এপ

android apple
signal

স্বাধীনতা সংগ্রামী, সুদক্ষ বক্তা, লেখক আৰু চিকাৰী, দেশভক্ত তৰুণৰাম ফুকনৰ আজি স্মৃতি দিৱস

ভাৰতৰ স্বাধীনতা আন্দোলনত সক্রিয় অংশগ্ৰহণ কৰা স্বাধীনতা সংগ্রামী, সুদক্ষ বক্তা, লেখক আৰু চিকাৰী, দেশভক্ত তৰুণৰাম ফুকনৰ আজি স্মৃতি দিৱস। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা দেশভক্ত তৰুণৰাম ফুকনৰ স্মৃতিত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। দেশভক্ত তৰুণৰাম ফুকনৰ সোঁৱৰণত কালি অনুষ্ঠিত দেশভক্তি কুইজ প্ৰতিযোগিতাত ৰাজ্যৰ লগতে কেৰালা, দিল্লী আদিকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ১২০০ গৰাকী প্ৰতিযোগীৰে গঠিত মুঠ ৩৪৮ টা দলে অংশগ্ৰহণ কৰে। বিশিষ্ট কুইজ পৰিচালক অচিন্ত্য শৰ্মাই পৰিচালনা কৰা কুইজ প্ৰতিযোগিতাখন প্ৰাথমিক আৰু চূড়ান্ত দুটা পৰ্যায়ত অনুষ্ঠিত হয়। প্রাথমিক পর্যায়ত অনুষ্ঠিত লিখিত পৰীক্ষাৰ পৰা ছটা দলক চূড়ান্ত পৰ্যায়লৈ বাচনি কৰা হয়। দ্যা থ্রি বডি প্রব্লেম এণ্ড দাব দলটোৱে চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে। ছাৰে জাহাছে আচ্ছা দলটোৱে দ্বিতীয় আৰু গডৰ দলটোৱে তৃতীয় বিজয়ীৰ সন্মান লাভ কৰে। প্ৰতিযোগিতাৰ আৰম্ভণিতে তথ্য, জনসংযোগ, মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগৰ আয়ুক্ত সচিব কুমাৰ পদ্মপানী বৰাই প্ৰতিযোগীসকলক আদৰণি জনোৱাৰ লগতে মন্ত্রী পীযূষ হাজৰিকাই শুভেচ্ছা জনায়। আজি হ’বলগীয়া দেশভক্তি দিৱসৰ মূল সভাত বিজয়ীসকলক নগদ ধন আৰু প্ৰমাণ পত্ৰৰে পুৰস্কৃত কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।