July 28, 2025 5:33 PM

views 29

দেশভক্ত তৰুণৰাম ফুকনৰ পূণ্য তিথি উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন

দেশৰ স্বাধীনতা আন্দোলনৰ এগৰাকী শক্তিশালী নেতা, অসাধাৰণ বাগ্মিতাৰ অধিকাৰী, লেখক, দেশভক্ত তৰুণৰাম ফুকনৰ পূণ্য তিথি উপলক্ষে আজি অসমৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হৈছে। স্বাধীনতা আন্দোলনলৈ আগবঢ়োৱা সেৱাৰ বাবে দেশভক্ত উপাধিৰে বিভূষিত ফুকনে মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলনত ওতপ্রোতভাৱে জড়িত আছিল। অসম চৰকাৰৰ উদ্যোগত আজি এই মহান নেতা গৰাকীৰ পূণ্য তিথি দেশভক্তি দিৱস হিচাপে পালন কৰা হৈছে। অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীৰ ভৰলুমুখৰ তৰুণৰাম ফুকন উদ্যানত শ্ৰদ্ধাঞ্জলি অ...

July 28, 2025 10:08 AM

views 25

স্বাধীনতা সংগ্রামী, সুদক্ষ বক্তা, লেখক আৰু চিকাৰী, দেশভক্ত তৰুণৰাম ফুকনৰ আজি স্মৃতি দিৱস

ভাৰতৰ স্বাধীনতা আন্দোলনত সক্রিয় অংশগ্ৰহণ কৰা স্বাধীনতা সংগ্রামী, সুদক্ষ বক্তা, লেখক আৰু চিকাৰী, দেশভক্ত তৰুণৰাম ফুকনৰ আজি স্মৃতি দিৱস। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা দেশভক্ত তৰুণৰাম ফুকনৰ স্মৃতিত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। দেশভক্ত তৰুণৰাম ফুকনৰ সোঁৱৰণত কালি অনুষ্ঠিত দেশভক্তি কুইজ প্ৰতিযোগিতাত ৰাজ্যৰ লগতে কেৰালা, দিল্লী আদিকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ১২০০ গৰাকী প্ৰতিযোগীৰে গঠিত মুঠ ৩৪৮ টা দলে অংশগ্ৰহণ কৰে। বিশিষ্ট কুইজ পৰিচালক অচিন্ত্য শৰ্মাই পৰিচালনা কৰা কুইজ প্ৰতিযোগিতাখন প্ৰাথমিক আৰু চ...

July 28, 2024 7:13 PM

views 31

ৰাজ্যজুৰি দেশভক্তি দিৱস পালন

দেশভক্ত তৰুণৰাম ফুকনৰ ৮৫ সংখ্যক মৃত্যু বার্ষিকী উপলক্ষে আজি ৰাজ্যজুৰি দেশভক্তি দিৱস পালন কৰা হয়। এই উপলক্ষে গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন উদ্যানত ৰাজ্য চৰকাৰৰ উদ্যোগত আজি এক শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াৰ লগত সংগতি ৰাখি জনতা ভৱনৰ সভাকক্ষত আয়োজিত এখন মুকলি সভাত ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। উল্লেখযোগ্য যে ২০২১ চনৰ পৰা কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি আজিৰ দিনটোত সমগ্ৰ ৰাজ্যতে দেশভক্তি দিৱস হিচাপে পালন কৰি অহা হৈছে। তামু...

July 28, 2024 11:06 AM

views 33

স্বাধীনতা সংগ্রামী দেশভক্ত তৰুণৰাম ফুকনৰ ৮৫ সংখ্যক মৃত্যু বার্ষিকী ৰাজ্যজুৰি দেশভক্তি দিৱস পালন

স্বাধীনতা সংগ্রামী দেশভক্ত তৰুণৰাম ফুকনৰ ৮৫ সংখ্যক মৃত্যু বার্ষিকীত আজি ৰাজ্যজুৰি দেশভক্তি দিৱস পালন কৰা হ'ব। এই উপলক্ষে গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন উদ্যানত ৰাজ্য চৰকাৰৰ উদ্যোগত আজি এক শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াৰ লগত সংগতি ৰাখি জনতাভৱনৰ সভাকক্ষত আয়োজিত এখন মুকলি সভাত ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। উল্লেখযোগ্য যে ২০২১ চনৰ পৰা কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি আজিৰ দিনটোত সমগ্ৰ ৰাজ্যতে দেশভক্তি দিৱস হিচাপে পালন কৰি অ...