চীনত অনুষ্ঠিত স্পীড স্কেটিং বিশ্ব চেম্পিয়নশ্বিপত স্বর্ণপদক অৰ্জন কৰা আনন্দকুমাৰ ভেলকুমাৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অভিনন্দন জনাইছে। আনন্দ কুমাৰে প্ৰতিযোগিতাখনত পুৰুষৰ জ্যেষ্ঠ শাখাৰ এহেজাৰ মিটাৰ স্ক্ৰীণ্ট বিভাগত স্বর্ণপদক অৰ্জন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্রধানমন্ত্রী মোদীয়ে কয়, যে আনন্দ কুমাৰ ভেলকুমাৰৰ সাফল্যই বিশ্বৰ স্কেটিং চেম্পিয়নশ্বিপত ভাৰতক প্রথম বিজয়ী কৰি তুলিলে। খেলুৱৈগৰাকীৰ সাফল্যই দেশৰ তৰুণ প্ৰজন্মক উৎসাহিত কৰি তুলিব বুলি শ্ৰী মোদীয়ে আশা প্ৰকাশ কৰে ৷
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কয়, যে শ্রী ভেলকুমাৰে ভাৰতৰ হৈ প্ৰথমটো স্বর্ণপদক অৰ্জন কৰি এইক্ষেত্ৰত অনুকৰণীয় উদাহৰণ প্ৰতিষ্ঠা কৰিলে।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, যে আনন্দ কুমাৰ ভেল কুমাৰে প্ৰতিযোগিতাখনত স্বর্ণ পদক অৰ্জন কৰি দেশক গৌৰৱান্বিত কৰি তুলিলে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী সিঙে কয়, যে খেলুৱৈগৰাকীৰ সাফল্য ভাৰতীয় ক্রীড়াৰ বাবে মাইলৰ খুটি হৈ ৰ’ব।