ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

স্নেহ স্পৰ্শ আঁচনিৰ অধীনত বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত শিশুৰ হৃদযন্ত্ৰ আৰু ৰাজহাড়ৰ ৰোগ চিনাক্তকৰণ শিবিৰ

ৰাজ্য চৰকাৰৰ স্নেহ স্পৰ্শ আঁচনিৰ অধীনত আজি বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত শিশুৰ হৃদযন্ত্ৰ আৰু ৰাজহাড়ৰ ৰোগ চিনাক্তকৰণ শিবিৰ অনুষ্ঠিত হয়। বৰপেটা, বজালী আৰু বঙাইগাঁৱত অনুষ্ঠিত কৰা এই শিবিৰত উপস্থিত থকা বিশেষজ্ঞ চিকিৎসক সকলে জিলা তিনিখনৰ দুই শতাধিক শিশুৰ স্বাস্থ্য পৰীক্ষা কৰে। এই সন্দৰ্ভত চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালখনৰ অধ্যক্ষ ডা০ ৰমেন তালুকদাৰে জনাই যে স্বাস্থ্য পৰীক্ষাৰ অন্তত ৰোগ ধৰা পৰা শিশুসকলৰ অসুস্থতাৰ দিশবোৰ পৰ্যালোচনা কৰি তেওঁলোকৰ মাজৰ পৰা জটিল ৰোগীসকলক প্রথমে তালিকাভুক্ত কৰি সেই অনুসৰি চিকিৎসা কৰাৰ ব্যৱস্থা কৰা হ’ব।