ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ আৰু দশম শ্রেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ চালক পদৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা কাইলৈ অনুষ্ঠিত হ’ব

স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ আৰু দশম শ্রেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ চালক পদৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা কাইলৈ অনুষ্ঠিত হ’ব। কাইলৈ পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ আৰু দিনৰ ১.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ চালক পদৰ পৰীক্ষা অনুষ্ঠিত হ’ব। তৃতীয় বৰ্গৰ মুঠ ৪ হেজাৰ ৫৫ টা পদৰ বাবে ৫ লাখ ২৯ হাজাৰ ৯৮৯ গৰাকী প্ৰাৰ্থী আৰু চালক পদৰ বাবে মুঠ ৮১৮ টা পদৰ পৰীক্ষাত ২ লাখ ৪ হেজাৰ ৯৯১ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হব। পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে যাৱতীয় নীতি নিৰ্দেশনা জাৰি কৰিছে।
এই সন্দৰ্ভত আয়োগে জাৰি কৰা জাননী অনুসৰি পৰীক্ষাকেন্দ্ৰত প্ৰৱেশৰ সময়ত আৰক্ষী বা কৰ্তৃত্বশীল ব্যক্তিৰ দ্বাৰা প্ৰাৰ্থীসকলক মেটেল ডিটেক্টৰৰ লগতে হাতেৰে স্বাভাৱিকভাৱে তালাচী চলোৱা হ’ব। এই ক্ষেত্ৰত কোনো প্ৰাৰ্থীক যদি তালাচী চলোৱাৰ সময়ত প্ৰাৰ্থীৰ্গৰাকী অসুবিধাৰ সন্মুখীন হয়, তেন্তে সংশ্লিষ্ট প্রার্থীগৰাকীয়ে তাৎক্ষণিকভাৱে কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়াক অৱগত কৰাব পাৰিব। প্ৰৱেশপত্র, বৈধ পৰিচয়পত্র অবিহনে কোনো প্রার্থীকে পৰীক্ষাকেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব বুলি উল্লেখ কৰা হৈছে। পৰীক্ষা অন্ত পৰাৰ পিছত প্রার্থীসকলে প্রশ্নকাকতখন নিজৰ লগত আনিব পাৰিব। লগতে পৰীক্ষা কেন্দ্ৰৰ ভিতৰত প্ৰদান কৰা OMR ছীটখনত থকা ৰোল নম্বৰ উত্তৰ কৰাৰ পূৰ্বে সঠিকভাৱে পৰীক্ষা কৰিবলৈ প্ৰাৰ্থীসকলক কোৱা হৈছে।
যোৰহাট জিলাতো কাইলৈ হ’বলগীয়া অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ইয়াৰ বাবে যোৰহাট আৰক্ষীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। ৰাজ্যৰ অন্যান্য জিলাসমূহতো এই পৰীক্ষাৰ বাবে প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। পৰীক্ষাৰ সময়ছোৱাত অসাধু উপায় অৱলম্বন কৰাটো ৰোধ কৰাৰ উপৰি সমগ্ৰ প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত কৰাৰ ওপৰত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।