সৈনিকসকলৰ অদম্য সাহস, নিয়মানুৱৰ্তিতা আৰু সৰ্বোচ্চ ত্যাগে দেশখনক দি অহা সুৰক্ষাই প্ৰতিজন নাগৰিকক উদ্বুদ্ধ কৰি আহিছেঃ উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

আজি সেনাবাহিনী দিৱস। এই উপলক্ষে উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে ভাৰতীয় সেনাবাহিনীৰ সাহসী বিষয়া, সৈনিক আৰু প্ৰাক্তনসকলক শুভেচ্ছা জনায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপ-ৰাষ্ট্ৰপতিয়ে কয় যে সৈনিকসকলৰ অদম্য সাহস, নিয়মানুৱৰ্তিতা আৰু সৰ্বোচ্চ ত্যাগে দেশখনক দি অহা সুৰক্ষাই প্ৰতিজন নাগৰিকক উদ্বুদ্ধ কৰি আহিছে। সৈনিকসকলৰ নিঃস্বাৰ্থ সেৱা আৰু দেশৰ একতা তথা অখণ্ডতা ৰক্ষাৰ বাবে থকা প্ৰতিশ্ৰুতিবদ্ধতাক দেশবাসীয়ে সদায় সন্মান কৰি আহিছে বুলিও উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। শ্ৰীৰাধাকৃষ্ণণে কয় যে কর্তব্যত থকা অৱস্থাত জীৱন ত্যাগ কৰা বীৰ যোদ্ধাসকলক দেশে সদায় মনত ৰাখিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সেনাবাহিনী দিৱস উপলক্ষে ভাৰতীয় সেনাৰ বিষয়া, জোৱান আৰু তেওঁলোকৰ পৰিয়ালসমূহক অভিনন্দন জনাইছে। শ্রীসিঙে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে ভাৰতীয় সেনাবাহিনীৰ সাহস, সৰ্বোচ্চ ত্যাগ আৰু দেশ ৰক্ষাৰ বাবে থকা প্ৰতিশ্ৰুতিবদ্ধতাক দেশবাসীয়ে সদায় সন্মান জনাই আহিছে। দেশৰ সীমান্ত ৰক্ষাৰ লগতে সংঘাতৰ সময়ত দেখুওৱা সাহসৰ কথা উল্লেখ কৰি শ্রীসিঙে কয় যে পেছাদাৰী মনোভাৱ, নিয়মানুৱৰ্তিতা আৰু মানৱ সেৱাৰ বাবে ভাৰতীয় সেনাবাহিনীয়ে বিশ্বৰ সমীহ আদায় কৰিবলৈ সমৰ্থ হৈছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে দোহাৰে যে এটা আধুনিক আত্মনিৰ্ভৰ আৰু ভৱিষ্যতৰ বাবে সাজু সেনাবাহিনী গঠন কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।