ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

সুৰক্ষিত, দায়িত্বসহকাৰে আৰু পৰিৱেশ অনুকুল ব্যৱস্থাৰে দীপাৱলী উদযাপন কৰিবলৈ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৰ আহ্বান; উপ-ৰাষ্ট্ৰপতি, প্রধানমন্ত্ৰীৰ দেশবাসীক শুভেচ্ছা জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণানে দীপাৱলী উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতি মুমুৱে কয়, যে দীপাৱলী হৈছে ভাৰতৰ আটাইতকৈ জনপ্ৰিয় উৎসৱ যাক বিপুল উৎসাহ-উদ্দীপনাৰে উদযাপন কৰা হয়। এই উৎসৱে অন্ধকাৰৰ ওপৰত পোহৰ, অজ্ঞানতাৰ ওপৰত জ্ঞান আৰু অশুভৰ ওপৰত শুভ কাৰ্যৰ জয়ক উদযাপন কৰে। শ্ৰীমতী মুৰ্মুৱে লগতে কয়, যে পোহৰৰ এই উৎসৱে আত্মপ্রতিফলন আৰু আত্মবিকাশৰ সুযোগ দিয়াৰ লগতে পাৰস্পৰিক স্নেহ আৰু ভাতৃত্ববোধৰ বাৰ্তা দিয়ে। তেওঁ সকলোকে সুৰক্ষিতভাৱে দায়িত্বসহকাৰে আৰু পৰিৱেশ অনুকুল ব্যৱস্থাৰে দীপাৱলী উদযাপন কৰিবলৈ আহ্বান জনায়। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে দীপাৱলীয়ে সকলোলৈ সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই অনাৰ কামনা কৰে।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দীপাৱলী উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জনাইছে। এটা বাৰ্তাত প্রধানমন্ত্ৰীয়ে এই পোহৰৰ উৎসৱে সকলোৰে জীৱন শান্তি আৰু সমৃদ্ধিৰে উপচাই তুলিব বুলি কামনা কৰে। তেওঁ লগতে ৰাষ্ট্ৰৰ সকলো দিশতে ইতিবাচক শক্তিৰ বিৰাজৰ বাবে প্ৰাৰ্থনা কৰে।
উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণানে এটা বাৰ্তাত দীপাৱলীৰ পৱিত্ৰ ক্ষণত দেৱী লখিমীয়ে সকলোলৈ শান্তি, সমৃদ্ধি কঢ়িয়াই অনাৰ লগতে সকলোৰে সুস্বাস্থ্য কামনা কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাইও দেশবাসীক দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ লগতে সমাগত গোৱৰ্ধন পূজা আৰু ভাইদোজৰো শুভেচ্ছা জনায়। এটা বাৰ্তাত শ্ৰীবিৰলাই কয়, যে দীপাৱলী হৈছে ভাৰতৰ সংস্কৃতি আৰু পৰম্পৰাৰ আত্মা স্বৰূপ। তেওঁ সকলো নাগৰিককে দীপাৱলীৰ ক্ষণত সমাজত একতা, ভাতৃত্ববোধ, পাৰস্পৰিক বিশ্বাস আৰু সমতা শক্তিশালী কৰাৰ পন ল’বলৈ আহ্বান জনায়।