October 20, 2025 7:37 PM

views 46

নতুন দিল্লীত থকা বিভিন্ন দেশৰ কূটনৈতিক দূতাবাসসমূহত দীপাৱলী উপলক্ষে বিভিন্ন সাংস্কৃতিক কার্যসূচী

নতুন দিল্লীত থকা বিভিন্ন দেশৰ কূটনৈতিক দূতাবাসসমূহে আজি দীপাৱলী উপলক্ষে বিভিন্ন সাংস্কৃতিক কার্যসূচীত অংশগ্ৰহণ কৰি দেশবাসীক দীপাৱলী উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে। ফিনলেণ্ড, ইজৰাইল, অস্ট্রিয়া, ব্রাজিল, ছুইজাৰলেণ্ড আৰু ইউৰোপীয় সংঘৰ দূতাৱাসে আনন্দ আৰু পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। ফিনলেণ্ডৰ দূতাবাসে কুইজ, প্রীতিভোজ আৰু নৃত্য অনুষ্ঠানেৰে দীপাৱলী উদযাপন কৰে। দূতাৱাসৰ তৰফৰ পৰা শ্বেয়াৰ কৰা এটা ভিডিঅ'ত দূতাবাসৰ বিষয়াসকলে এই উৎসৱ উপলক্ষে সংগীত উপভোগ কৰা পৰিলক্ষিত হয়। ইজৰাইলৰ কূটনী...

October 20, 2025 11:08 AM

views 38

সুৰক্ষিত, দায়িত্বসহকাৰে আৰু পৰিৱেশ অনুকুল ব্যৱস্থাৰে দীপাৱলী উদযাপন কৰিবলৈ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৰ আহ্বান; উপ-ৰাষ্ট্ৰপতি, প্রধানমন্ত্ৰীৰ দেশবাসীক শুভেচ্ছা জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণানে দীপাৱলী উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতি মুমুৱে কয়, যে দীপাৱলী হৈছে ভাৰতৰ আটাইতকৈ জনপ্ৰিয় উৎসৱ যাক বিপুল উৎসাহ-উদ্দীপনাৰে উদযাপন কৰা হয়। এই উৎসৱে অন্ধকাৰৰ ওপৰত পোহৰ, অজ্ঞানতাৰ ওপৰত জ্ঞান আৰু অশুভৰ ওপৰত শুভ কাৰ্যৰ জয়ক উদযাপন কৰে। শ্ৰীমতী মুৰ্মুৱে লগতে কয়, যে পোহৰৰ এই উৎসৱে আত্মপ্রতিফলন আৰু আত্মবিকাশৰ সুযোগ দিয়াৰ লগতে পাৰস্পৰিক স্নেহ আৰু ভাতৃত্ববোধৰ বাৰ্তা দিয়ে। ...

October 19, 2025 7:13 PM

views 38

ৰাজ্যৰ বিভিন্ন স্বেচ্ছাসেৱী সংস্থাৰ লগতে দল-সংগঠনে শব্দ, বায়ু প্ৰদূষণবিহীন দীপাৱলী পালন কৰাৰ আহ্বান

গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ প্ৰান্তে প্রান্তে বিক্ৰেতাসকলে অস্থায়ী বিপণী মুকলি কৰি দীপাৱলীৰ বাবে চাকি, ফটকাকে ধৰি সামগ্ৰীসমূহ বিক্ৰী কৰিছে। মহানগৰীৰ বাসগৃহসমূহ আলোকমালাৰে সজাই তোলা হৈছে। বিভিন্ন স্বেচ্ছাসেৱী সংস্থাৰ লগতে দল-সংগঠনে শব্দ, বায়ু প্ৰদূষণবিহীন দীপাৱলী পালন কৰাৰ আহ্বান জনাইছে। ৰাজ্যৰ প্ৰতিখন জিলাতে দীপাৱলী পালনৰ বাবে প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। বৰপেটাত থলুৱা আতচবাজী বিক্রেতাসকলে প্ৰস্তুত কৰা আতচবাজী বজাৰত উপলব্ধ হৈছে। উজনি অসমৰ গোলাঘাট জিলাৰ লগতে নগাঁও জিলাতো দীপাৱলী উপলক্ষে প্...