November 1, 2025 9:39 PM | PM

printer

সুস্থ নাৰী, সৱল পৰিয়াল অভিযানৰ অধীনত তিনিটা বিশ্ব অভিলেখেৰে গীনিজ বুকত স্থান লাভ ভাৰতৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৈছে যে ভাৰতে সুস্থ নাৰী, সৱল পৰিয়াল অভিযানৰ অধীনত তিনিটা বিশ্ব অভিলেখেৰে গীনিজ বুকত স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। ১৭ ছেপ্তেম্বৰৰ পৰা দুই অক্টোবৰলৈ অনুষ্ঠিত এই কার্যসূচীত বৃহৎ সংখ্যক লোকে অংশগ্ৰহণ কৰে। এই পদক্ষেপৰ অধীনত কেৱল এমাহত এটা স্বাস্থ্য সেৱা প্লেটফর্মত ৩ কোটি ২১ লাখৰো অধিক সংখ্যক লোকে পঞ্জীয়ন কৰাৰ অভিলেখ গঢ়ে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ কয় যে এই বৃহৎ সংখ্যক লোকে অংশগ্রহণ কৰা এই কাৰ্যসূচীয়ে মহিলা সৱলীকৰণৰ ক্ষেত্ৰত বিশেষ প্ৰেৰণা যোগোৱাৰ লগতে দেশৰ নাৰী শক্তি সৱলীকৰণৰ ক্ষেত্ৰত পৰিৱৰ্তনকাৰী প্ৰভাৱ হিচাপে বিবেচিত হ’ব ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।