মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ বাবে গঠন কৰা মূল সমিতিৰ দ্বিতীয়খন বৈঠকত অংশগ্ৰহণ কৰে। অৰুণাচল প্ৰদেশৰ উপ- মুখ্যমন্ত্রী চাওনা মেইনেও অংশগ্ৰহণ কৰা এই বৈঠকত শতবৰ্ষ উদযাপনৰ পৰিকল্পিত কাৰ্যসূচী সমূহৰ বিষয়ে আলোচনা কৰা হয়। অহা ৮ ছেপ্তেম্বৰৰ পৰা হবলগীয়া শতবর্ষ উদযাপন কাৰ্যসূচীৰ প্ৰস্তুতিৰ বিষয়েও বৈঠকত পৰ্যালোচনা কৰা হয়। বৈঠকত মুখ্যমন্ত্রী ড০ শৰ্মাই উদযাপন কাৰ্যসূচীৰ সকলো কাম নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে সংশ্লিষ্ট বিষয়া সকলক নির্দেশ দিয়ে।
উল্লেখযোগ্য যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অহা ১৩ ছেপ্তেম্বৰত হবলগীয়া শতবার্ষিকী উদযাপনৰ মুখ্য কাৰ্যসূচীত অংশ লৈ বিশ্ববৰেণ্য শিল্পী গৰাকীক সন্মান জনাব। এইবাৰ অৰুণাচল প্ৰদেশ চৰকাৰেও সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্মশতবার্ষিকী উদযাপনৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি খনি আৰু খনিজ পদার্থ বিজ্ঞান বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ দ্বিতীয় এডভান্টেজ আছাম সন্মিলনত স্বাক্ষৰিত বুজাবুজি চুক্তিবোৰৰ পৰ্যালোচনা কৰে। বৈঠকত এডভান্টেজ আছামত দিয়া প্ৰতিশ্ৰুতি সমূহ বাস্তৱত পৰিণত কৰাৰ ক্ষেত্ৰত বৰ্তমানলৈ হোৱা অগ্ৰগতিৰ মূল্যায়ন সন্দৰ্ভত আলোচনা কৰা হয়৷
Site Admin | August 28, 2025 7:01 PM | Akashvani | Akashvani Guwahati | Chief Minister Dr Himanta Biswa Sarma | CMO Assam | Dr Bhupen Hazarika
সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ বাবে গঠন কৰা মূল সমিতিৰ দ্বিতীয়খন বৈঠকত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ
