ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

সামুদ্রিক খণ্ডত মহিলা সৱলীকৰণৰ জৰিয়তে সামুদ্রিক খণ্ডৰ প্রগতি, স্থিতিস্থাপকতা তথা উদ্ভাৱনশীলতাও বৃদ্ধি হয়ঃ  সৰ্বানন্দ সোণোৱাল

সামুদ্রিক খণ্ডত মহিলা সৱলীকৰণৰ জৰিয়তে সমাজত লিংগ সমতা অক্ষুণ্ণ থকাৰ লগতে সামুদ্রিক খণ্ডৰ প্রগতি, স্থিতিস্থাপকতা তথা উদ্ভাৱনশীলতাও বৃদ্ধি হয়। বন্দৰ, জাহাজ পৰিবহণ তথা জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মুম্বাইৰ সামুদ্রিক খণ্ডত মহিলাৰ আন্তঃৰাষ্ট্ৰীয় দিৱস উদযাপন অনুষ্ঠান মুকলি কৰি এই কথা প্ৰকাশ কৰে। সামুদ্রিক খণ্ডত মহিলা – বহন ক্ষমতা আৰু ৰূপান্তৰৰ কৰ্ণধাৰ বিষয় সন্দৰ্ভত আয়োজিত এই- অনুষ্ঠানৰ জৰিয়তে সামুদ্রিক খণ্ডৰ প্ৰতিটো দিশতে মহিলাৰ অংশগ্রহণ ত্বৰান্বিত কৰাৰ লক্ষ্য লোৱা হৈছে। এই অনুষ্ঠানৰ জৰিয়তে সামুদ্রিক খণ্ডৰ বিভিন্ন দিশৰ বৃত্তিধাৰীসকলকে ধৰি বিভিন্ন প্রতিনিধিয়ে মত-বিনিময়ৰ সুযোগ লাভ কৰিছে। এই অনুষ্ঠানত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থা, শৈক্ষিক প্ৰতিষ্ঠান, বন্দৰ কৰ্তৃপক্ষ তথা জাহাজ পৰিবহণ প্ৰতিষ্ঠানৰ প্ৰতিনিধি, জ্যেষ্ঠ চৰকাৰী বিষয়াকে ধৰি বহু বিশিষ্ট লোকে অংশগ্ৰহণ কৰে।