ডাউনলোড
মোবাইল এপ

android apple
signal

September 7, 2025 7:48 PM | GST effect

printer

সামগ্ৰী আৰু সেৱা কৰৰ শেহতীয়া সংস্কাৰে ক্ষুদ্ৰ, অতিক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ ক্ষেত্ৰত বিশেষ প্ৰভাৱ পেলাইছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবেলি স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা সমাগত দিপাৱলীৰ পূৰ্বে সামগ্ৰী আৰু সেৱা কৰৰ ক্ষেত্ৰত হ’বলগীয়া সংস্কাৰৰ বিষয়ে ঘোষণা কৰিছে। যোৱা ৩ ছেপ্তেম্বৰত সামগ্ৰী আৰু সেৱা কৰ পৰিষদে সাধাৰণ জনতাৰ প্ৰতি বিশেষ গুৰুত্বসহ কৰৰ নতুন হাৰত অনুমতি প্ৰদান কৰাৰ লগে লগে প্রধানমন্ত্ৰীৰ নাগৰিকমুখী তথা অধিক শক্তিশালী অর্থনীতি গঢ়ি তোলাৰ সপোনৰ দিশে দেশ ধাৱমান হৈছে। পৰিষদে পৰোক্ষ কৰ ব্যৱস্থা পূৰ্বৰ পাঁচ শতাংশ, ১২ শতাংশ, ১৮ শতাংশ আৰু ২৮ শতাংশৰ চাৰিটা পৰ্যায়ৰ গাঁথনিৰ পৰিৱৰ্তে পাঁচ শতাংশ আৰু ১৮ শতাংশ দুটা পৰ্যায়ৰ ব্যৱস্থা লৈ সৰলিকৃত কৰে। এই সংস্কাৰসমূহে কেইবাটাও খণ্ডত কৰৰ হাৰ হ্ৰাস কৰি জনসাধাৰণৰ জীৱন ধাৰণৰ সূচলতা সুনিশ্চিত কৰিছে। ক্ষুদ্র, অতিক্ষুদ্ৰ আৰু মজলী উদ্যোগসমূহৰ ক্ষেত্ৰত এই সংস্কাৰে বিশেষ প্ৰভাৱ পেলাইছে। ই-বাণিজ্যৰ ক্ষেত্ৰত শেহতীয়া কৰ সংস্কাৰৰ জৰিয়তে অনলাইন ক্ৰয় সুলভ হৈ পৰাৰ লগতে ব্যৱসায়সমূহে অধিক গতি লাভ কৰিছে । বাকচ বা তেনেধৰণৰ সামগ্ৰী কঢ়িওৱা আহিলাসমূহৰ দৰ হ্ৰাস হৈছে। সামগ্ৰী আৰু সেৱা কৰ পাঁচ শতাংশলৈ হ্ৰাস হোৱাৰ জৰিয়তে বিক্ৰেতাসকলৰ সামগ্ৰী প্ৰেৰণৰ ব্যয় হ্ৰাস হৈছে । ইতিমধ্যে দেশৰ প্ৰায় ৭০ শতাংশ সামগ্ৰী সৰবৰাহ কৰি যোগান শৃংখলৰ মেৰুদণ্ডস্বৰূপ হৈ উঠা ট্রাক তথা সামগ্ৰী সৰবৰাহকাৰী বাহনসমূহৰ সামগ্ৰী আৰু সেৱা কৰ পূৰ্বৰ ২৮ শতাংশৰ পৰিৱৰ্তে ১৮ শতাংশলৈ হ্ৰাস কৰা হৈছে। বাহনসমূহ সুলভ হৈ পৰাৰ লগে লগে সৰবৰাহৰ ব্যয় হ্ৰাস হোৱাৰ সমান্তৰালকৈ দূৰণীপতিয়া অঞ্চলসমূহলৈ সামগ্ৰী প্ৰেৰণৰ ক্ষেত্ৰতো জনসাধাৰণ উপকৃত হোৱাৰ দুৱাৰ মুকলি হৈছে। এই সংস্কাৰসমূহৰ জৰিয়তে দেশৰ ই-বাণিজ্য তথা ৰচদপাতি সৰবৰাহৰ পৰিৱেশতন্ত্ৰৰ নতুন দিগন্ত উন্মোচিত হৈছে। ইয়াৰ জৰিয়তে ক্ষুদ্ৰ বিক্রেতা তথা অনলাইন ব্যৱসায়িক মঞ্চসমূহৰ লগতে আন্তর্জাতিক যোগান শৃংখলত দেশৰ স্থান শক্তিশালী হোৱাটো সুনিশ্চিত হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।