ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

সাংসদ ফণীভূষণ চৌধুৰীৰ সৈতে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে কৃষিমন্ত্ৰী মন্ত্ৰী অতুল বৰাৰ বৈঠক

কৃষিমন্ত্ৰী তথা নলবাৰী জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই আজি মুখ্যমন্ত্ৰী নগৰীয়া মহিলা উদ্যমিতা অভিযানৰ জিলা পৰ্যায়ৰ কাম-কাজ পর্যালোচনা কৰাৰ বাবে সাংসদ ফণীভূষণ চৌধুৰীৰ সৈতে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে বৈঠকত মিলিত হয়। এই বৈঠকত আঁচনিখনৰ ৰূপায়ণৰ অগ্ৰগতিৰ বুজ লৈ মহিলাসকলক উপকৃত কৰিব পৰাকৈ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত যাৱতীয় কাম-কাজসমূহ সম্পূৰ্ণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নির্দেশ দিয়ে। জিলাখনত মিছন বসুন্ধৰা, অৰুণোদয়, অসম মালাকে ধৰি বিভিন্ন চৰকাৰী কল্যাণকামী আঁচনি ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত্ৰী বৰাই সেই সন্দৰ্ভত কয় যে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে মহিলা আত্মসহায়ক গোটৰ সদস্যাসকলক গ্রাম্য ক্ষুদ্ৰ উদ্যোগীলৈ ৰূপান্তৰ কৰাৰ লক্ষ্য লোৱা হৈছে। এই আঁচনিৰ জৰিয়তে হিতাধিকাৰীসকলৰ সৈতে আর্থিক সাহায্য লাভ কৰি বছৰি কমেও এক লাখ টকাকৈ উপাৰ্জন কৰিবলৈ সমৰ্থ হ’ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰে ৷

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।