● সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তানী সংযোগ বিষয়ক সমস্ত বিষয়সমূহ পৰীক্ষা কৰাৰ বাবে গঠন কৰা বিশেষ তদন্ত গোট চমুকৈ এছ আই টিয়ে কালি সন্ধিয়া ৬ বজাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত প্রতিবেদন দাখিল কৰে। তাৰ পাছতে মুখ্যমন্ত্ৰী ড° শৰ্মাই ২০২৫ চনৰ ১৭ ফেব্ৰুৱাৰীত অসম কেবিনেটে এজন পাকিস্তানী নাগৰিক আলী টৌকিৰ শ্বেখ আৰু তেওঁৰ সহযোগীসকলৰ ভাৰত বিৰোধী কাৰ্যকলাপৰ বাবে বিশেষ তদন্ত গোট গঠন কৰিছিল বুলি প্ৰকাশ কৰে। তদন্তত উন্মোচন হোৱা তথ্য অনুসৰি আমাৰ জাতিৰ সাৰ্বভৌমত্বক ক্ষতিগ্রস্ত কৰাৰ বাবে এক বৃহৎ ষড়যন্ত্ৰ পোহৰলৈ আহিছে। তেওঁ আৰু উল্লেখ কৰে যে আলী টৌকিৰ শ্বেখৰ কাৰ্যকলাপৰ সৈতে এগৰাকী বৃটিছ নাগৰিক জড়িত হোৱাৰ কথা স্পষ্ট হৈছে আৰু যিগৰাকীয়ে এগৰাকী ভাৰতীয় সাংসদৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছে। তদন্তত পাকিস্তান চৰকাৰৰ গৃহ মন্ত্ৰালয়ে এজন ভাৰতীয় সাংসদক পাকিস্তান ভ্ৰমণৰ বাবে কেনেদৰে সুবিধা কৰি দিছিলে সেই কথাও স্পষ্ট হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। অসম চৰকাৰে বিশেষ তদন্ত গোটৰ প্ৰতিবেদন বিশেষভাৱে পৰীক্ষা কৰি ৰাজ্যিক কেবিনেটৰ সন্মুখত দাখিল কৰাৰ পাছতে কেবিনেটত বিষয়টো সন্দৰ্ভত আলোচনা কৰা হ’ব আৰু তথ্যসমূহ ৰাজহুৱা কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
Site Admin | September 11, 2025 1:01 PM | Akashvani | Akashvani Guwahati | Chief Minister Dr Himanta Biswa Sarma | Gaurav Gogoi
সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তানী সংযোগ বিষয়ক প্রতিবেদন দাখিল
