ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

সাংসদ গৌৰৱ গগৈক লোকসভাৰ কংগ্ৰেছ সংসদীয় দলৰ উপ-দলপতি হিচাপে পুনৰ নিযুক্তি

যোৰহাট সংসদীয় সমষ্টিৰ সাংসদ গৌৰৱ গগৈক লোকসভাৰ কংগ্ৰেছ সংসদীয় দলৰ উপ-দলপতি হিচাপে পুনৰ নিযুক্তি দিয়া হৈছে। কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে সামাজিক মাধ্যম যোগে জনোৱা অনুসৰি কংগ্ৰেছ দলৰ অধ্যক্ষ ছোনীয়া গান্ধীয়ে শ্ৰী গগৈক কংগ্ৰেছ সংসদীয় দলৰ উপ-দলপতি, কে সুৰেশক মুখ্য হুইপ, মণিকাম ঠাকুৰ আৰু মহম্মদ জাৱেদক হুইপ হিচাপে নিযুক্তি দিছে। এই সন্দৰ্ভত শ্রীমতী গান্ধীয়ে লোকসভাৰ অধ্যক্ষলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই গগৈক শুভেচ্ছা জনাই কয় যে, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এয়া আনন্দৰ কথা। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও গৌৰৱ গগৈ লোকসভাৰ কংগ্ৰেছ সংসদীয় দলৰ উপ-দলপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।