সম্প্ৰসাদৰণ, যান্ত্ৰিকীকিকৰণ, ডিজিটেলাইজেছন আৰু ব্যৱসায়িক সুচলতাৰ ফলত গোলকীয় বাণিজ্যৰ কেন্দ্ৰ হিচাপে দেশৰ বন্দৰসমূহৰ উত্থান ঘটিছেঃ প্ৰধানমন্ত্ৰী মোদী

সম্প্ৰসাদৰণ, যান্ত্ৰিকীকিকৰণ, ডিজিটেলাইজেছন আৰু ব্যৱসায়িক সুচলতাৰ ফলত গোলকীয় বাণিজ্যৰ কেন্দ্ৰ হিচাপে দেশৰ বন্দৰসমূহৰ উত্থান ঘটিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এখন দৈনিক বাতৰি কাকতৰ বাবে লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে মন্তব্য কৰে। প্ৰবন্ধটোত শ্ৰী সোণোৱালে বিশ্বৰ আগশাৰীৰ জাহাজ নির্মাণ কোম্পানীসমূহে কিদৰে ভাৰতীয় কোম্পানীসমূহৰ সৈতে অংশীদাৰিত্বৰে আগবাঢ়িছে আৰু কৰ্মসংস্থাপনৰ পথ প্ৰশস্ত কৰিছে সেই বিষয়ে উল্লেখ কৰিছে। শ্ৰী সোণোৱালে সামৰ্থ বৃদ্ধি, যান্ত্ৰিকীকিকৰণ, ডিজিটেলাইজেছন আৰু ব্যৱসায়িক সুচলতাই বিশ্বাখাপট্টনম, মুদ্রা, জে এন পি এ আৰু কামৰাজৰ লেখীয়া বন্দৰসমূহৰ গোলকীয় ক্রম তালিকাত ঊর্ধলৈ গতি কৰিবলৈ সমৰ্থ হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।