সমাগত বি টি চি পৰিষদীয় নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

সমাগত বি টি চি পৰিষদীয় নিৰ্বাচনৰ বাবে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে। ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশমৰ্মে আজি চিৰাঙৰ পাঁচটা পৰিষদীয় সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। খচৰা ভোটাৰ তালিকাৰ আপত্তি আৰু সংশোধনৰ অন্তিম সময়সীমা ৫ আগষ্ট ধাৰ্য কৰা হৈছে। আমাৰ সংবাদদাতাসকলে জনোৱামতে কাজলগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা নির্বাচনী বিষয়া যতীন বৰাই খচৰা ভোটাৰ তালিকা প্রকাশ কৰে।
তামুলপুৰ জিলাৰ পাঁচটা পৰিষদীয় সমষ্টিৰ ভোটাৰ তালিকাও আজি প্ৰকাশ কৰা হৈছে। তামুলপুৰ জিলা প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি পাঁচটা পৰিষদীয় সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে তিনি লাখ ৫০ হাজাৰ ৭০৬ জন। বিটিচিৰ অন্তৰ্গত কোকৰাঝাৰ আৰু ওদালগুৰি জিলাতো আজি খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।