June 18, 2025 8:07 PM | ECI New Step

printer

সমগ্ৰ দেশতে নির্বাচনী ব্যৱস্থাৰ সুপৰিচালনাৰ বাবে ২৩টা নতুন পদক্ষেপ গ্ৰহণ

দেশৰ নিৰ্বাচন আয়োগে সমগ্ৰ দেশতে নির্বাচনী ব্যৱস্থাৰ সু-পৰিচালনাৰ বাবে ২৩টা নতুন পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নিৰ্দেশমৰ্মে আজি দিছপুৰৰ ৰাজ্যিক নির্বাচনী বিষয়াৰ সন্মিলন কক্ষত আয়োজিত এটা বিশেষ অনুষ্ঠানত নিৰ্বাচন আয়োগৰ যুটীয়া সঞ্চালক অনুজ চন্দক আৰু সহকাৰী সঞ্চালক অপূর্ব কুমাৰে এই নতুন পদক্ষেপসমূহৰ বিষয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে। এই অনুসৰি এতিয়াৰে পৰা সকলোবোৰ ভোটগ্রহণ কেন্দ্ৰত ভোটদাতাসকলৰ মোবাইল ফোন ৰখাৰ ব্যৱস্থা থাকিব । কোনো এটা ভোটগ্রহণ কেন্দ্ৰতে ভোটদাতাৰ সংখ্যা এহেজাৰ ২০০তকৈ অধিক নহ’ব। মৃত ভোটদাতাৰ তথ্য ভাৰতৰ মহাপঞ্জীয়কৰ তথ্য ভাণ্ডাৰৰ সৈতে যুক্ত কৰি ৰিজাই চোৱা হ’ব। তদুপৰি মহানগৰসমূহৰ বহুমহলীয়া আৱাসিক অঞ্চলসমূহতো ভোটগ্রহণ কেন্দ্ৰ স্থাপন কৰা হ’ব। ইয়াৰ লগতে ই চি আই নেট নামৰ ৱেবছাইট আৰু এপত সকলো তথ্য একত্ৰিত কৰাৰ ব্যৱস্থা কৰা হ’ব। বুথ পৰ্যায়ৰ বিষয়াসকলৰ বাবে ফটোযুক্ত পৰিচয় পত্ৰ আৰু তেওঁলোকৰ ভিতৰৰে এক লাখ গৰাকীক নতুন দিল্লীৰ ৰাষ্ট্ৰীয় গণতন্ত্ৰ আৰু নিৰ্বাচন পৰিচালনা প্ৰতিষ্ঠানত প্রশিক্ষিত কৰাৰ ব্যৱস্থা কৰা হৈছে। দুয়োগৰাকী বিষয়াই ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোটদাতাসকলৰ সচেতনতা বৃদ্ধি আৰু নিৰ্বাচন প্রক্রিয়া সম্পর্কত সঠিক তথ্য জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ বাবে আকাশবাণী আৰু দূৰদৰ্শনকে ধৰি সংবাদ মাধ্যমসমূহক সহযোগিতা কৰিবলৈ আহ্বান জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।