প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে, সমগ্র বিশ্ব অনিশ্চয়তাৰ দিশত অগ্ৰসৰ হোৱাৰ সময়ত দেশৰ যুৱ প্ৰজন্ম শাৰীৰিক, মানসিক আৰু আৱেগিকভাৱে শক্তিশালী হোৱা উচিত যাতে প্ৰতিটো প্ৰত্যাহ্বানৰ মুখামুখি হ’ব পৰা যায়। দিল্লীৰ সেনবাহিনীৰ চাউনিত আজি ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ শিবিৰত কেডেটসকলক সম্বোধন কৰি তেওঁ কয়, যে অপাৰেচন সিন্দূৰৰ সময়ত সমগ্ৰ দেশতে আয়োজন কৰা জনজাগৰণ কাৰ্যসূচীত এন চি চি কেডেটসকলে সাহসিকতা আৰু সমৰ্পণেৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ এই অভিযানৰ সময়ত নিৰাপত্তা বাহিনীসমূহৰ পাছতে এন চি চি শিক্ষাৰ্থীসকলে দেশৰ বাবে দ্বিতীয় পৰ্যায়ৰ প্ৰতিৰক্ষা দায়িত্ব উল্লেখযোগ্য ভাৱে পালন কৰিছে বুলি উল্লেখ কৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, যে দেশৰ নিৰাপত্তা বাহিনীসমূহে পাকিস্তান আৰু নিয়ন্ত্ৰণ ৰেখাৰ সমীপত পাকিস্তান সন্ত্ৰাসবাদী ঘাটি ধংস কৰাৰ পাছত সন্ত্রাসবাদীয়ে চলোৱা পেহেলগামৰ আক্ৰমণক দুৰ্ভাগ্যজনক আৰু কাপুৰুষালি কাৰ্য বুলি উল্লেখ কৰে। শ্ৰী সিঙে কয়, যে দেশৰ জোৱানসকলে ভাৰতক আঘাট সনা কাৰ্যক সাহসিকতাৰে মষীমূৰ কৰিব। তেওঁ এন চি চিক দেশৰ নিৰ্মাণৰ ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়োৱাৰ বাবে যুৱ প্ৰজন্ম গঢ়ি তোলাৰ উৎকৃষ্ট মাধ্যম বুলি অভিহিত কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজিত কাৰ্যভাৰ গ্ৰহণ সমাৰোহত এচ চি চিৰ শিক্ষাৰ্থীসকলক উল্লেখযোগ্য পাৰদৰ্শিতাৰ বাবে ৰক্ষা মন্ত্ৰী পদক আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰা হয়।
Site Admin | January 24, 2026 8:51 PM | Akashvani | Akashvani News | Defence Minister | Rajnath Singh
সমগ্র বিশ্ব অনিশ্চয়তাৰ দিশত অগ্ৰসৰ হোৱাৰ সময়ত দেশৰ যুৱ প্ৰজন্ম শাৰীৰিক, মানসিক আৰু আৱেগিকভাৱে শক্তিশালী হোৱা উচিতঃ ৰাজনাথ সিং