ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

সমগ্র দেশতে পুৰণি শ্রম আইনৰ স্থানত চাৰিখন নতুন শ্রম সংহিতা কাৰ্যকৰী

কেন্দ্ৰীয় চৰকাৰে কালি সমগ্র দেশতে পুৰণি শ্রম আইনৰ স্থানত চাৰিখন নতুন শ্রম সংহিতা কাৰ্যকৰী কৰে। এই নতুন শ্রম সংহিতাই কেৱল আইনী পৰিৱৰ্তনে নহয়, বৰং ই দেশৰ ৪০ কোটিতকৈও অধিক শ্রমিকৰ জীৱনলৈ ঐতিহাসিক পৰিৱৰ্তন আনিব বুলি আশা কৰা হৈছে। কেন্দ্রীয় শ্রম আৰু নিয়োগ মন্ত্রী মনসুখ মন্দাভিয়াই শ্ৰমিকৰ কল্যাণৰ হকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা এয়া ঐতিহাসিক পদক্ষেপ বুলি অভিহিত কৰিছে। প্রতিজন শ্রমিকক মর্যাদা, সুৰক্ষা আৰু আর্থিকভাবে শক্তিশালী কৰাই হৈছে এই নতুন শ্রম সংহিতাৰ উদ্দেশ্য। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমত এই বিষয়ে প্রকাশ কৰি কয়, যে স্বাধীনতাৰ পাছত গ্ৰহণ কৰা শ্রমিক কেন্দ্রিক সংস্কাৰসমূহৰ ই অন্যতম। এই শ্রম সংহিতাৰ জৰিয়তে শ্রমিকসকলে যথেষ্ট শক্তি লাভ কৰিব। উল্লেখযোগ্য যে স্বাধীনতাৰ আগতে আৰু স্বাধীনতাৰ পাছৰ প্ৰাৰম্ভিক সময়ছোৱাত প্ৰণয়ন কৰা ২৯ খন শ্রম আইনক এই চাৰিখন নতুন শ্রম সংহিতাত সন্নিৱিষ্ট কৰা হৈছে। এই কেইখন হ’ল- বেতন সংহিতা, ঔদ্যোগিক সম্পর্ক সংহিতা, সামাজিক সুৰক্ষা সংহিতা আৰু ব্যৱসায়িক সুৰক্ষা সংহিতা। এই নতুন শ্রম সংহিতাৰ অধীনত প্রতিজন কর্মচাৰীয়ে চাকৰিত যোগদান কৰাৰ সময়তে নিযুক্তিপত্র লাভ কৰিব। ইয়াৰ লগতে অসংগঠিত খণ্ডৰ প্ৰায় ৪০ কোটি শ্রমিক সামাজিক সুৰক্ষাৰ আওতালৈ আহিব আৰু তেওঁলোকে কৰ্মচাৰী ভবিষৎ নিধি, ই এছ আই চি আৰু পেন্সনৰ দৰে সুবিধাসমূহ লাভ কৰিব। ইয়াৰ উপৰি মহিলাসকলক পুৰুষৰ সমহাৰত দৰমহা দিয়াটোও এই আইনে নিশ্চিত কৰিব। নতুন শ্রম সংহিতা অনুসৰি এতিয়াৰে পৰা মহিলাসকলেও নিশাৰ ভাগত কাম কৰিব পাৰিব আৰু তেওঁলোকৰ বাবে শক্তিশালী নিৰাপত্তা ব্যবস্থা থাকিব। ইয়াৰ জৰিয়তে কৰ্মস্থলীত লিংগ বৈষম্য প্ৰতিৰোধ কৰিব পৰা যাব আৰু মহিলাসকলে উচ্চ দৰমহাৰ চাকৰিৰ লগতে সকলো ধৰণৰ উদ্যোগত কাম কৰাৰ সমান সুবিধা লাভ কৰিব। একেদৰে এই আইনৰ অধীনত ৪০ কোটি শ্রমিক সামাজিক সুৰক্ষাৰ আওতালৈ অনাৰ ফলত দেশৰ কর্মশক্তি সুৰক্ষিত হ’ব বুলি আশা কৰা হৈছে।