ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

সপ্তম খেলো ইণ্ডিয়া যুৱ ক্রীড়া সমাৰোহত অসমৰ ভাৰোত্তোলক আইচাংফা গগৈৰ সোণৰ পদক দখল

অসমৰ উদীয়মান মহিলা ভাৰোত্তোলক আইচাংফা গগৈয়ে সপ্তম খেলো ইণ্ডিয়া যুৱ ক্রীড়া সমাৰোহত ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি সোণৰ পদক দখল কৰিবলৈ সমৰ্থ হৈছে। বিহাৰৰ ৰাজগীৰত চলি থকা প্ৰতিযোগিতাখনৰ আজি ছোৱালীৰ ৫৫ কিলোগ্রাম ওজন শাখাত ভাৰোত্তোলকগৰাকীয়ে দুটাকৈ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰি সোণৰ পদক জয় কৰে। অসমে আজি প্ৰতিযোগিতাখনত আৰু এটা ৰূপৰ পদক জয় কৰে। ভাৰোত্তোলনৰ ল’ৰাৰ ৬৭ কিলোগ্ৰাম ওজন শাখাত অসমৰ অভিনৱ গগৈয়ে ৰূপৰ পদক জয় কৰে। আনহাতে, খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ চেপাকটাক্রত অসমৰ ল’ৰাৰ দলে সোণৰ পদক লাভ কৰিছে। কালি নিশা অনুষ্ঠিত ডাবলছ শাখাৰ ফাইনেলত অসমে বিহাৰক ১৫-১৩, ১৭-১৫ৰ ব্যৱধানত পৰাস্ত কৰে। সোণৰ পদক দখল কৰা অসমৰ দলটো এম থৈবা সিনহা, প্রিন্স সিনহা আৰু অভিজিৎ সিনহাৰে গঠিত।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।